
নিউজ ডেস্ক। গণতন্ত্ৰ দিৱসৰ প্ৰাকসন্ধ্যা অৰ্থাৎ মঙ্গলবাৰে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰে পদ্ম বঁটা। এইবাৰ মুঠ ১২৮ গৰাকী বিশিষ্ট ব্যক্তিক পদ্ম বঁটা প্ৰদান কৰাৰ ঘোষণা কৰা হৈছে।
ইফালে কেন্দ্ৰীয় চৰকাৰে পদ্মভূষণ সন্মানৰ বাবে বাচনি কৰা পশ্চিম বংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্যই এই সন্মান গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

এক বিবৃতি জাৰি কৰি বুদ্ধদেৱ ভট্টাচাৰ্যই কয় যে তেওঁ পদ্মভূষণ বঁটা গ্ৰহণ নকৰে। তেওঁ কয়, “মই পদ্মভূষণ বঁটা সম্পৰ্কে একো নাজানো। এই বিষয়ে কোনেও মোক একো কোৱা নাই। যদি কোনোবাই মোক এই পুৰস্কাৰ দিছে, মই ইয়াক ঘূৰাই দিম।”
Com. Buddhadeb Bhattacharya who was nominated for the Padma Bhushan award has declined to accept it. The CPI(M) policy has been consistent in declining such awards from the State. Our work is for the people not for awards. Com EMS who was earlier offered an award had declined it. pic.twitter.com/fTmkkzeABl
— CPI (M) (@cpimspeak) January 25, 2022
চিপিআইএমৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ এনে মন্তব্যৰ পিছতে তীব্ৰ অস্বস্তিত পৰিছে কেন্দ্ৰীয় চৰকাৰো। তেওঁৰ এই পদক্ষেপক ৰাজনৈতিক ষ্টান্ট অভিহিত কৰিছে চৰকাৰী এক সূত্ৰই।
সংবাদ সংস্থা এএনআইৰ বাতৰিত অনুসৰি, চৰকাৰী সূত্ৰই জনোৱা মতে কেন্দ্ৰীয় চৰকাৰৰ এজন বিষয়াই পুৱা তেওঁৰ পৰিয়ালক পদ্মভূষণ বঁটা সম্পৰ্কে অৱগত কৰিছিল। সেই সময়ছোৱাত, তেওঁৰ পত্নীয়ে বিষয়াজনক সাক্ষাৎ কৰিছিল। পৰিয়ালটোৱে পুৰস্কাৰটো অস্বীকাৰ কৰাৰ বিষয়ে কেন্দ্ৰীয় চৰকাৰক কোনো তথ্য দিয়া হোৱা নাই। তেনে পৰিপ্ৰেক্ষিতত এয়া এক ৰাজনৈতিক ষ্টান্ট বুলি অভিহিত কৰা হৈছে।
Govt counters allegations of Buddhadeb Bhattacharjee saying he was not informed about the Padma Bhushan
— ANI Digital (@ani_digital) January 25, 2022
Read @ANI Story | https://t.co/EtMJ4HKXyQ#PadmaBhushan #BuddhadebBhattacharjee pic.twitter.com/cmN47pKgkR
উল্লেখ্য যে, পদ্ম বঁটা প্ৰত্যাখ্যান কৰাৰ ঘটনা এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বেও বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে বঁটা প্ৰত্যাখ্যান বা উভতাই দিছে।
চলচ্চিত্ৰ লেখক চেলিম খানে ২০১৫ চনত পদ্মশ্ৰী গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল। তেওঁৰ পূৰ্বে, বুৰঞ্জীবিদ ৰোমিলা থাপাৰে ২০০৫ চনত পদ্মভূষণ প্ৰত্যাখ্যান কৰিছিল। ১৯৮৪ চনত ভাৰতীয় সেনাৰ দ্বাৰা সোণালী মন্দিৰ অৱৰোধ কৰাৰ বাবে তেওঁৰ ১৯৭৪ চনৰ বঁটা ঘূৰাই দিছিল।
লেখক খুচৱন্ত সিঙেও ১৯৮৪ চনত একেটা বিষয়ৰ বাবে তেওঁৰ ১৯৭৪ চনৰ পদ্মভূষণ ঘূৰাই দিছিল, কিন্তু তেওঁ ২০০৭ চনত পদ্ম বিভূষণ গ্ৰহণ কৰে।
আজীৱন মাৰ্ক্সবাদী বুদ্ধদেৱ ভট্টাচাৰ্য এই বছৰ পদ্ম বঁটাৰ বাবে নামাকৰণ কৰা দুজন বিশিষ্ট বিৰোধী ব্যক্তিৰ ভিতৰত দ্বিতীয় জন। তেওঁৰ বাহিৰেও কংগ্ৰেছ নেতা গুলাম নবী আজাদৰ নাম এইবাৰ পদ্মভূষণ সন্মানৰ বাবে ঘোষণা কৰা হৈছে।
লগতে চাওকঃ
মুখ্যমন্ত্ৰীয়ে য’ত য’ত জুই জ্বলাব, মই ফায়াৰ ব্ৰিগেড হৈ জুই নুমুৱামঃ ভূপেন বৰা
