fbpx
অসমীয়াৰাষ্ট্ৰীয়

নিজৰ বিয়াতে অনুপস্থিত এগৰাকী বিধায়ক, প্ৰৱঞ্চনাৰ অভিযােগ তুলি এজাহাৰ প্ৰতাড়িত প্ৰেমিকাৰ…

নিউজ ডেস্কঃ সাধাৰণতে নেতা-মন্ত্ৰী-বিধায়কে নিৰ্বাচনৰ পূৰ্বে সাধাৰণ জনতাক দিয়া প্ৰতিশ্ৰুতি পিছত পাহৰি যোৱাটো কোনো নতুন কথা নহয়। কিন্তু প্ৰেমিকাক বিয়াৰ প্ৰতিশ্ৰুতি দি, বিয়াৰ পঞ্জীয়নৰ বাবে আবেদন কৰি নিৰ্দিষ্ট দিনটোত তাৰ বিষয়ে পাহৰি যোৱাৰ কথা শুনিলে আপুনি আচৰিত নহ’বনে?

কিন্তু ওড়িশাৰ শাসকীয় দলৰ এজন বিধায়কৰ বিৰুদ্ধে এনে অভিযোগে উত্থাপন কৰিছে তেওঁৰ প্ৰেমিকাই। শাসকীয় বিজু জনতা দলৰ বিধায়ক বিজয় শংকৰ দাসে নিজৰ বিয়াৰ বাবে পঞ্জীয়ন কৰি বিয়াৰ দিনটোত এই বিষয়ে পাহৰি প্ৰেমিকাক প্ৰৱঞ্চনা কৰাৰ অভিযোগ তুলিছে প্ৰেমিকাৰ পৰিয়ালে।

image 163

জানিব পৰা মতে, বিধায়ক বিজয় শংকৰ দাসৰ প্ৰেয়সীৰ নাম হৈছে সোমালিকা। প্ৰেমিকাৰ অভিযোগ অনুসৰি, যোৱা ৩ বছৰে তেওঁলোক প্ৰেমৰ সম্পৰ্কৰে বান্ধ খাই আছে। এমাহ পূৰ্বে সোমালিকা আৰু বিধায়ক বিজয় শংকৰে বিবাহ পঞ্জীয়নৰ বাবে জগতসিংপুৰৰ উপ-পঞ্জীয়কৰ কাৰ্যালয়ত আবেদন জনাইছিল।

সেই অনুসৰি তেওঁলোকে শুকুৰবাৰে বিবাহ পাশত আৱদ্ধ হোৱা কথা আছিল। যাৰ বাবে নিৰ্দিষ্ট দিনটোত পৰিয়ালসহ উপ-পঞ্জীয়কৰ কাৰ্যালয়ত উপস্থিত হয় সোমালিকা। কিন্তু তাত ৩ ঘণ্টাৰো অধিক সময় তেওঁলোকে অপেক্ষা কৰাৰ পিছতো বিধায়ক প্ৰেমিক বিজয় শংকৰ দাস বিয়াৰ বাবে উপস্থিত নোহোৱাত পৰিয়ালৰ মাজত হাহাকাৰ লাগে।

image 164

ইফালে বিয়াৰ প্ৰতিশ্ৰুতি দি পাহৰি যোৱা প্ৰেমিক বিধায়কৰ বিৰুদ্ধে সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে প্ৰেয়সী সোমালিকাই। তেওঁৰ অভিযোগ অনুসৰি বিধায়কজনে তেওঁক বিয়াৰ প্ৰলোভন দি প্ৰৱঞ্চনা কৰিছে। আনহাতে বিধায়কজনৰ পৰিয়ালে সোমালিকাৰ পৰিয়ালক ভাবুকি প্ৰদান কৰাৰো অভিযোগ উত্থাপন হৈছে। বিজয় শংকৰে কোনো ফোন কলৰ উত্তৰ নিদিয়াৰো অভিযোগ তোলে প্ৰেমিকা সোমালিকাই।

photo1655704912

অন্যহাতে এই প্ৰৱঞ্চনাৰ অভিযোগত সাঙোৰ খাই পৰাৰ পিছতে বিধায়ক বিজয় শংকৰ দাসে এক সংবাদমেল সম্বোধন কৰে। য’ত তেওঁ কয় যে বিবাহ পঞ্জীয়ন কৰাৰ পৰা বিয়া সম্পন্ন কৰালৈ ৯০ দিনৰ সময় থাকে। ইয়াৰে ৩০ দিনহে পাৰ হৈছে আৰু এতিয়াও ৬০ দিন বাকী আছে বুলি মন্তব্য কৰি বিজয় শংকৰে কয় যে নিৰ্দিষ্ট সময়ত তেওঁ বিয়াখন সম্পন্ন কৰিব।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!