মছজিদৰ ভিতৰত দুৰ্বৃত্তৰ তাণ্ডৱ, ভাঙি লণ্ড-ভণ্ড কৰিলে বিভিন্ন সামগ্ৰী…

বান বিভীষিকাৰ মাজতে কোকৰাঝাৰত উত্তেজনাময় পৰিস্থিতি।

কোকৰাঝাৰ জিলাৰ ঢোলমাৰাত জামে মছজিদ ভাঙিলে দুষ্কৃতিকাৰীয়ে

ভিতৰত প্ৰৱেশ কৰি জামে মছজিদৰ ভেণ্টিলেচন, পানীৰ টেপ, গেট ইত্যাদিৰ ক্ষতিসাধন কৰে দুষ্কৃতিকাৰীয়ে।

মছজিদত নিশা শিল, ইটাৰ টুকুৰা দলিওৱাৰ অভিযোগ।

এই ঘটনাৰ খবৰ পোৱাৰ পিছতে সহস্ৰাধিক লোক মছজিদ প্ৰাংগনত উপস্থিত হৈ উত্তেজনাময় পৰিৱেশৰ সৃষ্টি কৰে।

আনকি উত্তেজিত লোকে কিছু সময়ৰ বাবে কৰিলে পথ অৱৰোধ।

ইতিমধ্যেই কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষক উপস্থিত হৈ পৰিস্থিতি পৰ্য্যবেক্ষণ কৰিছে।

অৱশ্যে কোনে কি উদ্দেশ্যৰে এই ঘটনা সংঘটিত কৰিলে সেই তথ্য এতিয়াও পোহৰলৈ অহা নাই।

শান্তি বিঘ্নিত কৰাৰ উদ্দেশ্যৰেই মছজিদৰ ক্ষতিসাধনৰ সন্দেহ আৰক্ষীৰ।

ইপিনে দোষীক শীঘ্ৰেই কৰায়ত্ব কৰাৰ দাবী জনাইছে বিভিন্ন দল সংগঠনে।