অসম

নিউ তিনিচুকীয়া ৰে’লৱে ষ্টেশ্যনত ভয়ংকৰ অগ্নিকাণ্ড, অৰ্ধ অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ এজন কিশোৰ…

নিউ তিনিচুকীয়া ৰে’লৱে ষ্টেশ্যনত নিশা ভয়ংকৰ অগ্নিকাণ্ড।

বুধবাৰে নিশা এটা ৰে’লৰ ইঞ্জিনত আকস্মিকভাৱে অগ্নিকাণ্ডৰ সূত্ৰপাত হয়।

অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ বাতৰি লাভ কৰাৰ পাছতে স্থানীয় অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হয় যদিও ৰে’লৱে কৰ্মচাৰীয়ে মজুত থকা অগ্নিনিৰ্বাপক সজুঁলিৰে জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়।

ৰে’লবিভাগৰ কৰ্মচাৰীৰ তৎপৰতাৰ ফলতে কোনোমতে ভয়ানক অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰে ৰেলৱে ষ্টেচনটো৷

পৰৱৰ্তী সময়ত ৰে’লৱে ষ্টেশ্যনত হিজুগুৰি আৰক্ষী চকীৰ এটা দল উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰাৰ সময়তে আৰক্ষীয়ে এজন অৰ্ধ অগ্নিদগ্ধ কিশোৰ উদ্ধাৰ কৰে৷

আৰক্ষীয়ে উক্ত কিশোৰটোক চিকিৎসাৰ বাবে ততাতৈয়াকৈ তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *