অসম

গৰুখুটি কৃষি প্ৰকল্পলৈ গুজৰাটৰ পৰা অনা হ’ব ২ হাজাৰ গিৰ গাই…

গৰুখুটি কৃষি প্ৰকল্পলৈ গুজৰাটৰ পৰা অনা হ’ব ২ হাজাৰ গিৰ গাই।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে অসমলৈ ২০০০ গিৰ গাই অনাৰ ব্যৱস্থা গ্ৰহণৰ বাবে বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত অসমৰ এটা প্ৰতিনিধি দল বুধবাৰে গুজৰাটত উপস্থিত হৈ ৰাজ্যখনৰ পশুপালন মন্ত্ৰী ৰাঘৱ জি. পেটেলক সাক্ষাৎ কৰে।

প্ৰায় ১ ঘণ্টা সময় ধৰি গুজৰাটৰ পশুপালন মন্ত্ৰী গৰাকীৰ লগত অসমলৈ গিৰ গাই অনাৰ বিষয়ে আলোচনা কৰে দলটোৱে।

বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত তিনিদিনীয়া কাৰ্যসূচীৰে গুজৰাটত গৈ উপস্থিত হোৱা অসমৰ প্ৰতিনিধি দলটোত আছে ৰাজ্যখনৰ কৃষি সঞ্চালক বিনোদ চেচান আৰু ড০ পূৰ্ণানন্দ কোঁৱৰৰ নেতৃত্বত তিনিজনীয়া পশু চিকিত্সকৰ দল।

আলোচনাৰ অন্তত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি অহা এক মাহৰ ভিতৰত ২০০ গিৰ গাই অসমলৈ অনাৰ ব্যৱস্থা কৰা হ’ব আৰু আগন্তুক মাৰ্চ মাহৰ ভিতৰত ৫০০ গিৰ গাই অসমলৈ অনা হ’ব।

বৃহস্পতিবাৰৰ পৰা এই গিৰ গাই নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *