fbpx
ৰাষ্ট্ৰীয়অসমীয়া

নাহফুটুকীৰ আক্ৰমণত নিহত ৩ শিশু! বাঘ ধৰিবলৈ প্ৰশাসনৰ অভিযান

নিউজ ডেস্কঃ জম্মু-কাশ্মীৰৰ উৰিৰ বিভিন্ন প্ৰান্তত জনাঞ্চলত প্ৰৱেশ কৰা নাহৰ ফুটুকী বাঘে সৃষ্টি কৰিছে তীব্ৰ আতংকৰ।

ইতিমধ্যে নাহৰ ফুটুকী বাঘৰ আক্ৰমণত অঞ্চটোত প্ৰাণ হেৰুৱাবলগীয়া হৈছে ৩টাকৈ শিশুৱে।

মঙলবাৰে বন বিভাগ আৰু আৰক্ষীয়ে নাহৰফুটুকীটোক পিঞ্জৰাবদ্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ আৰম্ভ কৰে।

বাঘটোক পিঞ্জৰাবদ্ধ কৰিবলৈ সক্ষম নহ’লে স্থানীয় ৰাইজৰ সুৰক্ষাৰ বাবে বাঘটোক হত্যা কৰাৰো নিৰ্দেশ দিছে বাৰামুলাৰ উপায়ুক্তই।

1 1

তদুপৰি বাঘৰ আক্ৰমণৰ পৰা হাত সাৰিবলৈ স্থানীয় লোকৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

জানিব পৰা মতে, উৰিৰ পাহাৰ আৰু অৰণ্যৰ সমীপৰ কলছান উপত্যকা আৰু বনিয়াৰ অঞ্চলত নাহৰফুটুকীৰ আক্ৰমণৰ বলি হৈছে তিনিটা শিশু।

p12

নাহৰফুটুকী বাঘৰ এই আতংকৰ পিছতে স্থানীয় ৰাইজে ঘৰৰ পৰা পৰা বাহিৰলৈ ওলোৱা প্ৰায় বন্ধ কৰি দিছে।

p11

বাঘটোক কৰায়ত্ব কৰিবলৈ প্ৰশাসনে অব্যাহত ৰাখিছে প্ৰচেষ্টা। বাৰামুল্লাৰ ডেপুটি কমিছনাৰে প্ৰয়োজন হ’লে সেনা আৰু অৰ্ধসামৰিক বাহিনীৰ সহায় ল’বলৈও নিৰ্দেশ দিয়ে।

আনহাতে স্থানীয় ৰাইজে কোনো প্ৰয়োজন নোহোৱাকৈ বনাঞ্চললৈ যোৱাত নিষেধাজ্ঞা আৰোপ কৰিছে।

শিশুসকল যাতে অকলে বনাঞ্চললৈ নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ অভিভাৱকসকলক সতৰ্ক কৰি দিয়া হৈছে।

লগতে চাওকঃ

দাতাই দিলেও… ৪ বছৰৰ ব্যৱধানত এটা দুৰ্ভগীয়া পৰিয়ালে হেৰুৱালে দুই যমজ পুত্ৰ সন্তানক…

G5 7

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!