fbpx
ত্ৰিপুৰাঅসমীয়া

নাবালিকাক ধৰ্ষণ আৰু হত্যাৰ গোচৰত অপৰাধীক মৃত্যুদণ্ড আদালতৰ…

নিউজ ডেস্কঃ নাবালিকা ধৰ্ষণ আৰু হত্যাক গোচৰত দোষী সাব্যস্ত কৰি এজন ২২ বছৰীয়া যুৱকক মৃত্যুদণ্ডৰ শাস্তি বিহিলে আদালতে।

বৃহস্পতিবাৰে ত্ৰিপুৰাৰ এখন জিলা আদালতে প্ৰদান কৰে এই ৰায়।

জিলা আৰু সত্ৰ ন্যায়াধীশ শংকৰী দাসে বুধবাৰে চন্দ্ৰ পাৰাৰ কালী কুমাৰ ত্ৰিপুৰা ওৰফে অভিজিতক নাবালিকা হত্যা আৰু ধৰ্ষণ অপৰাধত দোষী সাব্যস্ত কৰি মৃত্যুদণ্ডৰ শাস্তি বিহে আদালতে।

G9 5

মুঠ ৩৫ জন সাক্ষীৰ ভাষ্য লিপিবদ্ধ কৰাৰ পিছত আৰু আদালতৰ সন্মুখত আৰক্ষীয়ে প্ৰস্তুত কৰা ফৰেনচিক আৰু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ বৈজ্ঞানিক প্ৰমাণৰ মাজেৰে যোৱাৰ পিছত প্ৰদান কৰে এই ৰায়।

উল্লেখযোগ্য যে, ২০২১ চনৰ ২২ ফেব্ৰুৱাৰীত সংঘটিত হৈছিল এই লোমহৰ্ষক কাণ্ড।

কণমানি ৫ বছৰীয়া শিশুটো খোৱাই জিলাৰ তেলিয়ামুৰা আৰক্ষী থানাৰ অন্তৰ্গত ডুস্কি গাঁৱৰ ঘৰৰ পৰা সন্ধানহীন হোৱাৰ পিছতে পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰিছিল কালী কুমাৰ ত্ৰিপুৰাক।

ইফালে আৰক্ষীৰে জেৰাত অভিযুক্তই শিশুটিক ধৰ্ষণ কৰি হত্যা কৰাৰ কথা স্বীকাৰ কৰাৰ পিছতে আৰক্ষীয়ে কালী কুমাৰক ত্ৰিপুৰাক গ্ৰেপ্তাৰ কৰে।

পৰৱৰ্তী সময়ত অপৰাধীৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই জংঘলৰ পৰা উদ্ধাৰ কৰে শিশুটিৰ মৃতদেহ।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!