নাগালেণ্ডৰ ৰাজ্যপাল আৰ এন ৰবিক তামিলনাডুৰ ৰাজ্যপাল হিচাপে বদলি, জগদীশ মুখীক অতিৰিক্ত দায়িত্ব…

নাগালেণ্ডৰ ৰাজ্যপাল আৰ এন ৰবিক তামিলনাডুৰ ৰাজ্যপাল হিচাপে বদলি।

অসমৰ ৰাজ্যপাল জগদীশ মুখীক নাগালেণ্ডৰ অতিৰিক্ত দায়িত্ব অৰ্পন।

ৰাষ্ট্ৰপতি ভৱনৰ পৰা জাৰি কৰা এক বিজ্ঞপ্তি অনুসৰি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে অসমৰ ৰাজ্যপাল জগদীশ মুখীক নাগালেণ্ডৰ ৰাজ্যপালৰ অতিৰিক্ত দায়িত্ব প্ৰদান কৰিছে।

উল্লেখযোগ্য ২০১৯ চনত নাগালেণ্ডৰ ৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰিছিল আৰ এন ৰবি।

আৰ এন ৰবি ১৯৭৬ চনৰ বেটছৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া আছিল।

২০১৪ চনত মোডী চৰকাৰে তেওঁক ভাৰতীয় চোৰাংচোৱা সমিতিৰ অধ্যক্ষ হিচাবে নিযুক্তি দিয়ে।

পৰৱৰ্তী সময়ত তেওঁ নগা বিদ্ৰোহী সংগঠন এন এছ চি এন আই এমৰে হোৱা নগা শান্তি আলোচনাৰ ভাৰত চৰকাৰৰ মধ্যস্ততাকাৰী হিচাবে নিযুক্ত হয়।

আৰ এন ৰবিৰ প্ৰচেষ্টাতে ২০১৫ চনৰ ৩ আগষ্টত এন এছ চি এন ইছাক মুইভা গোটৰ সৈতে ঐতিহাসিক ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট স্বাক্ষৰিত হয়।

আনহাতে আৰ এন ৰবিয়ে ২০১৭ চনত নাগা নেচনেল পলিটিকেল গ্ৰুপ আৰু ৱৰ্কিঙ সমিতিৰ সৈতে এগ্ৰি পইণ্ট চুক্তি স্বাক্ষৰ কৰি নগা সমস্যাৰ সমাধান বহু দূৰ আগুৱাই নিছিল।

Leave a Comment