নতুন SOP: ৬ ছেপ্তেম্বৰৰ পৰা ৰাজ্যত আৰম্ভ হ’ব চূড়ান্ত বৰ্ষৰ পাঠদান…

প্ৰকাশ পালে ক’ভিডক লৈ ৰাজ্য চৰকাৰৰ নতুন নিৰ্দেশনা।

ৰাজ্যত ক’ভিড পৰিস্থিতি উন্নীত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ক’ভিড প্ৰতিবন্ধকতা আৰু সান্ধ্য আইনৰ ক্ষেত্ৰত আৰু অধিক শিথিলতা অনাৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ।

ৰাজ্যজুৰি নৈশ সান্ধ্য আইনৰ ক্ষেত্ৰত পুনৰ শিথিলতাৰ ব্যৱস্থা।

নিশা ৯.০০ বজাৰ পৰা পিছদিনা পুৱা ৫.০০ বজালৈ বলৱৎ থাকিব সান্ধ্য আইন।

নিশা ৮.০০ বজালৈ খুলিব পাৰিব হোটেল-ৰেষ্টুৰেণ্ট-ধাবা, ব্যৱসায়িক-বাণিজ্যিক প্ৰতিষ্ঠান, বিক্ৰী কেন্দ্ৰ, শ্ব’ৰোম, গেলামালৰ দোকান, ফলমূল, পাচলিৰ দোকান আদি।

১০০ শতাংশ যাত্ৰীৰে আন্ত:জিলা যাতায়াত খোলাৰ অনুমতি। মাস্ক পৰিধান বাধ্যতামূলক।

অৱশ্যে ঠিয় হৈ যাত্ৰী যাব নোৱাৰিব কোনো বাহনত।

প্ৰথম পালি ভেকচিন লোৱা লোক সকলেহে যাত্ৰা কৰিব পাৰিব বাহনত।

যি সমূহ যান-বাহনে অতিৰিক্ত যাত্ৰী নিব সেই বাহনৰ লাইছেনজ, আৰু চালকৰ লাইচেন্স বাতিল কৰা হব।

এইপৰ্যন্ত এপালিও ক’ভিড প্ৰতিষেধক নোলোৱাকৈ থকা চৰকাৰী বিষয়া-কৰ্মচাৰীসকলে অহা তিনিদিনৰ ভিতৰত ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰিব লাগিব।

প্ৰত্যেক চৰকাৰী কাৰ্যালয়ৰ মূৰব্বী বিষয়াই নিজ কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীসকলে ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰিছে নে নাই, সেয়া পৰীক্ষা কৰিব।

কেতবোৰ চৰ্তসাপেক্ষে ৰাজ্যৰ সকলো জিলা সামৰি আন্তঃ জিলা যাতায়ত মুকলি।

কমেও এপালি ক’ভিড প্ৰতিষেধক লোৱা লোকৰ ক্ষেত্ৰত বাইক-মটৰ চাইকেলত দুজন উঠাত অনুমতি। মাস্ক বাধ্যতামূলক।

ব্যক্তিগত লঘু যান-বাহনেৰে যাত্ৰা কৰিলেও সকলো যাত্ৰীৰ বাবেই মাস্ক বাধ্যতামূলক। এজনে যাত্ৰা কৰিলেও পিন্ধিব লাগিব মাস্ক।

৬ ছেপ্তেম্বৰৰ পৰা ৰাজ্যত আৰম্ভ হ’ব চূড়ান্ত বৰ্ষৰ পাঠদান।

স্নাতকোত্তৰ বা সমপৰ্যায়ৰ পাঠ্যক্ৰম, স্নাতক বা সমপৰ্যায়ৰ পাঠ্যক্ৰম আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ক্ষেত্ৰত শ্ৰেণীকোঠাত পাঠদান পৰ্ব মুকলিত অনুমতি।

হোষ্টেল মুকলিত অনুমতি।

ক’ভিড ভেকচিনৰ দুয়োটা পালি লোৱা সকলেহে থাকিব পাৰিব হোষ্টেলত।

এটা শ্ৰেণীত ৩০ জনকৈ শিক্ষাৰ্থী থাকিব পাৰিব।

শিক্ষানুষ্ঠানৰ মূৰব্বীয়ে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা অনুসৰি প্ৰয়োজন হোৱাকৈ অতিৰিক্ত শ্ৰেণীকক্ষৰ ব্যৱস্থা কৰিব।

ছাত্ৰ-ছাত্ৰীসকলে কমেও এপালি ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰাটো বাধ্যতামূলক।

উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ক্ষেত্ৰত ১৮ বছৰৰ অনুৰ্দ্ধ ছাত্ৰ-ছাত্ৰীসকলে ক’ভিড প্ৰতিষেধক অবিহনেই শ্ৰেণীকোঠাত পাঠগ্ৰহণ কৰিব পাৰিব যদিও ইতিমধ্যে ১৮ বছৰ হোৱা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলে ক’মেও এপালি প্ৰতিষেধক ল’লেহে শ্ৰেণীকোঠালৈ আহিব পাৰিব।

কাইলৈৰ পৰা প্ৰথম তিনিদিনত এই শিক্ষানুষ্ঠানসমূহৰ অধ্যাপক-শিক্ষক, কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰী (১৮ বছৰ ঊৰ্দ্ধৰ) সকলে ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰাটো শিক্ষানুষ্ঠান কৰ্তৃপক্ষই সুনিশ্চিত কৰাৰ উপৰি শিক্ষানুষ্ঠান চৌহদ তথা শ্ৰেণীকোঠাৰ পৰিষ্কাৰ-পৰিচ্চন্নতাৰ লগতে বীজাণুনাশনৰ ব্যৱস্থা কৰিব লাগিব।

মুকলি স্থানত আয়োজিত সভা-সমিতি, সামাজিক/ৰাজহুৱা অনুষ্ঠানত কমেও এপালি ক’ভিড প্ৰতিষেধক লোৱা সৰ্বাধিক ৫০গৰাকী লোকে ভাগ ল’ব পাৰিব। এইক্ষেত্ৰত স্থানীয় আৰক্ষীক আগতীয়াকৈ অৱগত কৰিব লাগিব।

অৱশ্যে জিলা উপায়ুক্তৰ অনুমতিপ্ৰাপ্ত সভা-সমিতি-অনুষ্ঠানৰ ক্ষেত্ৰত সৰ্বাধিক ২০০ গৰাকী লোকে (কমেও এপালি ক’ভিড প্ৰতিষেধক লোৱা) অংশগ্ৰহণ কৰিব পাৰিব।

প্ৰেক্ষাগৃহ বা ৰাজহুৱা সভাগৃহ আদি আৱদ্ধ কক্ষত আয়োজিত বিশেষ অনুষ্ঠানত মুঠ আসন ক্ষমতাৰ ৫০ শতাংশ আসন সংখ্যাৰ লোকৰ অংশগ্ৰহণতহে অনুমতি থাকিব।

বিবাহ, সকাম আদি ঘৰুৱা মাংগলিক অনুষ্ঠানত ভাগ ল’ব পাৰিব সৰ্বাধিক ৫০ গৰাকী লোকে। কমেও এপালি ক’ভিড প্ৰতিষেধক লোৱা লোকেহে পাৰিব ভাগ ল’ব পাৰিব।

অন্তিম সৎকাৰত ভাগ ল’ব পাৰিব সৰ্বাধিক ৫০ গৰাকী লোকে।

ৰাজ্যৰ বিখ্যাত ধৰ্মীয়স্থানসমূহ (কামাখ্যা মন্দিৰ, শিৱসাগৰৰ শিৱদৌল, আজানপীৰ দৰগাহ, হাজোৰ পোৱামক্কা আদি)ত প্ৰতি ঘণ্টাত সৰ্বাধিক ৪০ গৰাকী লোকৰ দৰ্শনত অনুমতি।

আন ধৰ্মীয়স্থান দৰ্শনৰ ক্ষেত্ৰত ঘণ্টাত ২০গৰাকী লোকৰ বাবে অনুমতি।

কমেও এপালি ক’ভিড প্ৰতিষেধক লোৱা লোকৰ বাবেহে মুকলি থাকিব ধৰ্মীয় স্থানৰ চৌহদত প্ৰৱেশৰ সুযোগ।

Leave a Comment