নতুন দিল্লীত বীৰ লাচিত বৰফুকনৰ জন্ম জয়ন্তী উদযাপনৰ ব্যাপক প্ৰস্তুতি, ইতিমধ্যে ২৪ লাখৰো অধিক লোকে প্ৰেৰণ কৰিছে লেখা…

নিউজ ডেস্কঃ আহোম সেনাপতি লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী এইবাৰ আড়ম্বৰপূৰ্ণভাৱে আয়োজনৰ প্ৰস্তুতি চলাইছে অসম চৰকাৰে।

অসমৰ বীৰ সেনাপতিগৰাকীক বিশ্বৰ বুকুত তুলি ধৰাৰ লক্ষ্যৰে এইবাৰ নতুন দিল্লীত জন্ম জয়ন্তী উদযাপনৰ প্ৰস্তুতি চলাইছে অসম চৰকাৰে।

অন্যহাতে লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তীৰ সৈতে সংগতি ৰাখি অসম চৰকাৰে আহ্বান কৰিছিল লাচিত বৰফুকনৰ ওপৰত লেখাৰ।

লাচিত বৰফুকন এপ আৰু ৱেবচাইটৰ জৰিয়তে এই লেখা আহ্বান কৰিছিল চৰকাৰে।

মঙলবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে জানিবলৈ দিয়া মতে, এতিয়ালৈকে ২৪ লাখৰো অধিক লোকে লেখা প্ৰেৰণ কৰিছে এপ আৰু http://lachitbarphukan.assam.gov.in ৱেবচাইটযোগে।

বীৰ সেনাপতিগৰাকীৰ ওপৰত লিখা লেখা প্ৰেৰণৰ অন্তিম তাৰিখ হৈছে ২৪ নৱেম্বৰ।

চৰকাৰী তথ্য অনুসৰি, ইতিমধ্যে ২৪ লাখ ১০ হাজাৰ ২৯২ টা লেখা অসম চৰকাৰলৈ প্ৰেৰণ কৰা হৈছে।

অন্যহাতে মহাবীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী সফলতাৰে উদযাপন সম্পৰ্কে মঙলবাৰে নতুন দিল্লীৰ অসম ভৱনত এক কেবিনেট বৈঠকতো মিলিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মা।

য’ত তেওঁ এই আড়ম্বৰপূৰ্ণ অনুষ্ঠানটো আয়োজনত কোনো ক্ৰুটি নাৰাখিবলৈ কেবিনেট মন্ত্ৰী আৰু বিষয়াসকলক নিৰ্দেশ দিয়ে।