fbpx
অসম

নগাঁও SP কাৰ্যালয়ত অভাৱনীয় ঘটনা, পিষ্টল লৈ কাৰ্যালয়ত প্ৰৱেশ প্ৰাক্তন আমছু নেতাৰ…

নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত অভাৱনীয় ঘটনা।

পিষ্টল লৈ SP কাৰ্যালয়ত প্ৰৱেশ প্ৰাক্তন আমছু নেতাৰ।

অনুজ্ঞাপত্ৰ অবিহনে কাৰ্যালয়ত প্ৰৱেশ কামৰুজ জামান সৰকাৰৰ।

আৰক্ষীয়ে জব্দ কৰে পইণ্ট থ্ৰী টু পিষ্টল, ৬ জাঁই সক্ৰিয় গুলী।

ককালত কাপোৰৰ তলত লুকুৱাই অনা পিস্তল সহ বলপূৰ্বক কমৰুজ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত প্ৰৱেশ কৰিব বিছাৰিছিল৷ কাৰ্যালৰ প্ৰৱেশ পথত নিৰাপত্তাৰক্ষীয়ে বাধা দিছিল যদিও বাধা মানিব বিচৰা নাছিল৷

তেতিয়া তালাচী চলাওতে কমৰুজৰ ককালত পিস্তল উদ্ধাৰ হয়৷ লগে লগে নিৰাপত্তাৰক্ষীয়ে আটক কৰে কমৰুজ জামান সৰকাৰক৷

ঘটনাৰ বিষয়ে আৰক্ষী অধীক্ষক লীনা দলেয়ে জানিব পাৰি কমৰুজ জামান সৰকাৰক গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ দিয়ে লগতে এক গোচৰ ৰুজু কৰি মাৰথান জেৰা আৰম্ভ কৰে৷

কমৰুজ জামানে কিয় আৰক্ষী অধীক্ষক কাৰ্যালয়ত অবৈধ মাৰানাস্ত্ৰ লৈ প্ৰৱেশ কৰিব বিছাৰিছিল সেই সন্দৰ্ভত জেৰা অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে ৷

কামৰুজৰ বিৰুদ্ধে নগাঁও, হোজাইত কেইবাটাও গোচৰ ৰুজু থকা বুলি জানিব দিয়ে আৰক্ষীয়ে।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!