নক্সালবাদীৰ ভয়ংকৰ আক্ৰমণত কথমপি প্ৰাণ ৰক্ষা BJP ৰ প্ৰাক্তন বিধায়কৰ, নিহত ২ দেহৰক্ষী

নক্সালবাদীৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণ ৰক্ষা বিজেপিৰ প্ৰাক্তন বিধায়ক গুৰুচৰণ নায়কৰ।

মঙলবাৰে সন্ধিয়া ঝাৰখণ্ডৰ সিংভূম জিলাৰ মুখ্য কাৰ্যালয় চাইবাছাৰ পৰা ৬০ কিলোমিটাৰ দূৰত গ’লকেৰা আৰক্ষী থানা অঞ্চলৰ ঝিলৰুৱানত নক্সালবাদীৰ আক্ৰমণৰ সন্মুখীন হয় প্ৰাক্তন বিধায়ক গুৰুচৰণ নায়ক।

এই আক্ৰমণত প্ৰাক্তন বিধায়কজনৰ কথমপি প্ৰাণ ৰক্ষা পৰিলেও তেওঁৰ নিৰাপত্তাৰ নিয়োজিত দুজন দেহৰক্ষী শ্বহীদ হয়।

5889

শ্বহীদ দেহৰক্ষী দুজনৰ পৰিচয় শংকৰ নায়ক আৰু ঠাকুৰ হেমব্ৰাম বুলি জানিব পৰা গৈছে।

ইফালে এই ঘটনাত প্ৰাক্তন বিধায়কজনৰ সৈতে ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় ঘাটশিলা নিবাসী ৰাম কুমাৰ টুডু নামৰ দেহৰক্ষী গৰাকী।

জানিব পৰা মতে, প্ৰাক্তন বিধায়কজনৰ নিৰাপত্তাত নিয়োজিত তিনিওজন দেহৰক্ষী ঝাৰখণ্ড আৰক্ষীৰ জোৱান। ইফালে নক্সালবাদীয়ে দুই দেহৰক্ষীক হত্যা কৰাৰ পূৰ্বে বন্দুকৰ গদীৰে প্ৰহাৰ কৰে আৰু অস্ত্ৰশস্ত্ৰ লুটি লৈ যায়।

বাতৰি অনুসৰি, প্ৰাক্তন বিধায়ক গুৰুচৰণ নায়কৰ বাসগৃহৰ পৰা মাত্ৰ দুই কিলোমিটাৰ নিলগত এই আক্ৰমণৰ ঘটনা সংঘটিত হয়। ঝিলৰুৱান ময়দানখন প্ৰাক্তন বিধায়ক গুৰুচৰণ নায়কৰ চনুৱা আৰক্ষী থানা অঞ্চলৰ টুনিয়ানত থকা বাসগৃহৰ পৰা মাত্ৰ দুই কিলোমিটাৰ দূৰত। বাতৰি অনুসৰি, আক্ৰমণৰ পৰা প্ৰাণ ৰক্ষা পৰাৰ পিছত প্ৰাক্তন বিধায়কজনে চনুৱা আৰক্ষী থানালৈ উভতি আহিছে।

5998

বাতৰি অনুসৰি, গ’লকেৰা আৰক্ষী থানা অঞ্চলৰ পৰা প্ৰায় ১০ কিলোমিটাৰ দূৰত ঝিলৰুৱান ময়দানত দুদিনীয়া ক্ৰীড়া প্ৰতিযোগিতাৰ সমাপ্তিত মুখ্য অতিথিৰূপে প্ৰাক্তন বিধায়ক গুৰুচৰণ নায়ক উপস্থিত হৈছিল। কাৰ্যসূচীটো চলি থকাৰ মাজতে সন্ধিয়া প্ৰায় ৫.৩০ বজাত তাত নক্সালবাদীৰ (চিপিআই, মাওবাদী) এটা দল উপস্থিত হৈ ভাবুকি প্ৰদান কৰে।

নক্সালবাদীসকলে প্ৰাক্তন বিধায়ক নায়কৰ দুজন দেহৰক্ষীক বন্দী বনাই তেওঁলোকৰ অস্ত্ৰ-শস্ত্ৰ কাঢ়ি লৈ যায় আৰু পিছত হত্যা কৰে। অৱশ্যে, আন এজন দেহৰক্ষী আৰু প্ৰাক্তন বিধায়ক নায়ক সুৰক্ষিতভাৱে সেই স্থানৰ পৰা পলাই যাবলৈ সক্ষম হয়।

নক্সাল আক্ৰমণ দেখি প্ৰাক্তন বিধায়ক গুৰুচৰণ নায়কে মঞ্চৰ পৰা দৌৰি গৈ ঝিলৰুৱান উচ্চ বিদ্যালয়ৰ পিছফালৰ মাজেৰে জোপোহাৰ মাজত লুকাই নিজৰ জীৱন ৰক্ষা কৰে।

5585

ইফালে, নক্সালবাদীসকলে তিনিজন দেহৰক্ষীৰ পৰা অস্ত্ৰ-শস্ত্ৰ কাঢ়ি নিয়াৰ পিছত এজন দেহৰক্ষী ৰাম কুমাৰ টুডুক মুকলি কৰি দিয়ে। নক্সালবাদীসকলে খেলত উপস্থিত হোৱা গাওঁবাসীৰ বাইকবোৰ ৰাস্তাত ৰাখি পথ অৱৰোধ কৰিবলৈ চেষ্টা চলায়।

অৱশ্যে, বাহন চালক কিশোৰ মহাতোই সুযোগ বুজি প্ৰথমে ব্যক্তিগত স্কৰ্পিঅ’ বাহনখন মুখ্য পথৰ ওচৰলৈ লৈ যায়। তাৰ পিছত তেওঁ গুৰুচৰণ নায়ক আৰু দেহৰক্ষী ৰাম কুমাৰ টুডুৰ সৈতে মোবাইলত যোগাযোগ কৰে আৰু তেওঁলোকক বাহনখনৰ কাষ চাপিবলৈ কয়। দুয়ো বাহনখনৰ ওচৰ চাপি অহাৰ লগে লগে তেওঁলোকে দুয়োকে পোনপটীয়াকৈ চনুৱা আৰক্ষী থানালৈ লৈ যায়।

উল্লেখযোগ্য যে, নক্সালবাদীয়ে গুৰুচৰণ নায়কক ইয়াৰ পূৰ্বেও ২০১২ চনৰ ৯ জানুৱাৰীত দুবাৰকৈ আক্ৰমণ কৰি হত্যাৰ চেষ্টা চলাইছিল।

গুৰুচৰণ নায়ক ২০১২ চনৰ ৯ জানুৱাৰীত এটা বিদ্যালয় ভৱনৰ উদ্বোধন কৰিবলৈ আৰু আনন্দপুৰ খণ্ডৰ হৰতা গাঁৱত এটা পথৰ আধাৰশিলা স্থাপন কৰিবলৈ উপস্থিত হৈছিল। তেতিয়াই নক্সালবাদীয়ে নায়ক আৰু তেওঁৰ সহকৰ্মীসকলক এঘণ্টাৰ ভিতৰত দুবাৰ আক্ৰমণ কৰিছিল।

বিধায়কজনৰ নিৰাপত্তাত নিয়োজিত আৰক্ষীৰ সৈতে নক্সালবাদীৰ প্ৰায় ডেৰ ঘণ্টা ধৰি চলা সংঘৰ্ষৰ পৰিণতিত নক্সালবাদীসকলক হত্যা কৰিবলৈ সক্ষম হৈছিল।

Leave a Comment