
নিউজ ডেস্কঃ ধন প্ৰতাৰণাৰ গোচৰত দোষী সাব্যস্ত কৰি এবছৰৰ কাৰাদণ্ড বিহা হ’ল এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ কনিষ্ঠ ভাতৃক।
মঙলবাৰে আইজলৰ বিশেষ আদালতে মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাৰ কনিষ্ঠ ভাতৃ চি ভানলালচুয়ানাসহ ৬ জনক ধন প্ৰতাৰণাৰ এক গোচৰত দোষী সাব্যস্ত কৰি শাস্তি প্ৰদান কৰে।
উল্লেখ্য যে, ভূমিৰ ভুৱা পাছ তৈয়াৰ কৰাৰ ষড়যন্ত্ৰৰ লগতে ভুৱা গাঁও পৰিষদৰ ভূমি পাছ প্ৰস্তুত কৰা, ক্ষতিপূৰণ লাভৰ উদ্দেশ্যে কৰ্তৃপক্ষক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন হৈছিল মুখ্যমন্ত্ৰীৰ ভাতৃসহিতে আটাইকেইজনৰ বিৰুদ্ধে।
অভিযোগ অনুসৰি, উত্তৰ-পূব বৈদ্যুতিক শক্তি নিগম (NEEPCO) লিমিটেডৰ ৬০ মেগাৱাটৰ টুইৰিয়াল জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ সময়ত প্লাৱিত হোৱা সম্পত্তিৰ বাবে ছয়জন দোষী ব্যক্তিয়ে লাখ লাখ টকাৰ ক্ষতিপূৰণ অবৈধভাৱে সৰকাইছিল।
এই গোচৰৰে মঙলবাৰে শুনানি গ্ৰহণ কৰি আদালতে জোৰামথাংগাৰ ভাতৃ চি ভানলালচুয়ানা, ছাইয়াথাংগা, চি ৰোখুমি, লালদুহামমা, পিচি লাখাজোভিসহ ৬ জনক দোষী সাব্যস্ত কৰে।
ইফালে আদালতে এই গোচৰৰ পৰা দোষমুক্ত ঘোষণা কৰে আইজল জিলাৰ প্ৰাক্তন সহকাৰী উপাযুক্ত তথা ৰাজ্যৰ নগৰ উন্নয়ন আৰু দৰিদ্ৰতা নিৰাময় বিভাগৰ বৰ্তমানৰ সঞ্চালক এইচ লিয়ানজেলা আৰু লালৰিনছাংগাক।