ৰাষ্ট্ৰীয়

দেশজুৰি উদযাপন ৭৫ সংখ্যক স্বাধীনতা দিৱসঃ লালকিল্লাত ত্ৰিৰংগা উৰুৱালে প্ৰধানমন্ত্ৰীয়ে…

আজি দেশজুৰি উদযাপন কৰা হৈছে ৭৫ সংখ্যক স্বাধীনতা দিৱস।

ক’ভিড নীতি মানি উদযাপন কৰা হৈছে এইবাৰৰ স্বাধীনতা দিৱস।

দেশৰ ৰাজধানী নতুন দিল্লীত কেন্দ্রীয়ভাৱে উদযাপন হৈছে স্বাধীনতা দিৱস৷

অভেদ্য দুর্গত পৰিণত ৰাজধানী দিল্লীৰ ঐতিহাসিক লালকিল্লাত ত্রিৰংগা উত্তোলন কৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷

কেইবাতৰপীয়া নিৰাপত্তাৰ মাজত আজি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে পুৱা জাতীয় পতাকা উত্তোলনৰ পাছত দেশবাসীক সম্বোধন কৰে৷

এইবেলি স্বাধীনতা দিৱসৰ কার্যসূচীত বিশেষ অতিথি হিচাপে অংশগ্রহণ কৰিছে অলিম্পিক পদক বিজয়ী ভাৰতীয় খেলুৱৈসকলে৷

দেশবাসীক সম্বোধন কৰি সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰীগৰাকীৰ।

তেওঁ কয়- মহামাৰীৰ বিৰুদ্ধে সাহসেৰে যুজিছে দেশে।

প্ৰতিজন নাগৰিকৰ সম অধিকাৰৰ প্ৰতিজ্ঞা প্ৰধানমন্ত্ৰীগৰাকীৰ।

উত্তৰ পূবৰ সামগ্ৰিক বিকাশৰ ওপৰত গুৰুত্ব দিয়াৰ কথাও উল্লেখ কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *