অসমীয়াঅসমখেল

দুৰন্ত মন! ৯৫ বছৰত দৌৰ প্ৰতিযোগিতাত অংশ লৈ সোণৰ পদক মৰানৰ ইন্দ্ৰেশ্বৰ দিহিঙিয়াৰ…

নিউজ ডেস্কঃ বয়স মাথো এটা সংখ্যাহে। সেয়াই পুনৰ এবাৰ প্ৰমাণ কৰি দেখুৱালে ডিব্ৰুগড় জিলাৰ মৰাণৰ এগৰাকী ৯৫ বছৰীয়া বৃদ্ধই।

৯৫টা বসন্ত গৰকিও জীৱনৰ ওচৰত হাৰ নমনা মৰানৰ এইগৰাকী দুৰন্ত বৃদ্ধৰ নামেই হৈছে ইন্দ্ৰেশ্বৰ দিহিঙিয়া।

বোকাখাতৰ ৰাজহুৱা খেলপথাৰত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা ২৮ সংখ্যক সদৌ অসম মাষ্টাৰ্ছ এথলেটিকছ প্ৰতিযোগিতাত অংশ লৈ সোণৰ পদক অৰ্জনেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে অশীতিপৰ ইন্দ্ৰেশ্বৰ দিহিঙিয়াই।

image 51

সমান্তৰালভাৱে যুৱ প্ৰজন্মৰ বাবেও শাৰীৰিক ফিটনেছৰ নিদৰ্শন দাঙি কৰিছে তেওঁ।

উল্লেখ্য যে, এইবাৰ সদৌ অসম মাষ্টাৰ্ছ এথলেটিকছত অংশগ্ৰহণ কৰিছে ৩৪ খন ৰাজ্যৰ ১৪২৯ গৰাকী প্ৰবীণ ক্ৰীড়াবিদে।

৮১৩ গৰাকী পুৰুষ আৰু ৬১৬ গৰাকী মহিলা প্ৰবীণ ক্ৰীড়াবিদে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত দুটা দিনত ৩টাকৈ সোণৰ পদক অৰ্জন কৰে ইন্দ্ৰেশ্বৰ দিহিঙিয়াই।

১০০ মিটাৰ দৌৰত তেওঁ প্ৰথম স্থান লাভ কৰি সোণৰ পদক অৰ্জন কৰাৰ লগতে ২০০ আৰু ৪০০ মিটাৰ দৌৰতো দুৰন্ত মনেৰে অংশগ্ৰহণ কৰে এইগৰাকী ৯৫ বৰ্ষীয় বৃদ্ধই।

ইতিমধ্যে বহু ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণ কৰি দেশ-বিদেশ ভ্ৰমণ কৰা প্ৰবীণ ক্ৰীড়াবিদ ইন্দ্ৰেশ্বৰ দিহিঙিয়াৰ শাৰীৰিক সক্ষমতাই আজি প্ৰমাণ কৰি দেখুৱাইছে যে বয়স মাথো এটা সংখ্যাহে।

ক্ৰীড়াবিদ গৰাকীৰ এই সফলতাত তেওঁক অভিনন্দন জ্ঞাপন কৰে ৰাজ্য চৰকাৰৰ মন্ত্ৰী অতুল বৰাইও।

Related Articles

Back to top button