নিউজ ডেস্কঃ দুয়ো দুটা ভিন্ন ক্ষেত্ৰৰ মহানায়ক।
এগৰাকীয়ে যদি খেলপথাৰত নিজৰ প্ৰদৰ্শন আৰু আচৰণেৰে কোটি কোটি অনুৰাগীৰ বুকুত ঘৰ সাজিছে, আনগৰাকীয়ে সুৰৰ যাদুৰে মুগ্ধ কৰি ৰাখিছে সংগীত প্ৰেমীক।
কিন্তু এই দুই ভিন্ন ক্ষেত্ৰৰ মহানায়ক দুগৰাকী যেতিয়া মিলিত হয় একেখন মঞ্চত, তেতিয়া…
শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে দুই মহানায়কৰ মধুৰ মুহূৰ্তৰ কিছু ফটো। ফটোৱে আৱেগিক কৰি তুলিছে সকলোকে।

কেপ্টেইন কুল হিচাপে পৰিচিত ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা আইপিএল দল চেন্নাই ছুপাৰ কিংগছৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ চৰণ স্পৰ্শ কৰি আশীৰ্বাদ গ্ৰহণ কৰিলে সংগীতৰ সম্ৰাট অৰিজিত সিঙে।
উল্লেখ্য যে, শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে ভাৰতৰ সৰ্ববৃহৎ ক্ৰীড়া যুদ্ধ আইপিএল ২০২৩।
আহমেদাবাদত আইপিএলৰ প্ৰথমখন খেল অনুষ্ঠিত হোৱাৰ পূৰ্বে অনুষ্ঠিত হয় এক উদ্বোধনী সভা।

এই উদ্বোধনী সভাতে সংগীত পৰিৱেশন কৰে বৰ্তমানৰ আটাইতকৈ জনপ্ৰিয় কণ্ঠশিল্পী অৰিজিত সিঙে।
অনুষ্ঠানৰ অন্তত যেতিয়া গুজৰাট টাইটানছ আৰু চেন্নাই ছুপাৰ কিংগছৰ খেলুৱৈ সকলে কলা-কুশলী সকলক সাক্ষাৎ কৰে সেই সময়তে অৰিজিত সিঙে ভৰি চুই আশীৰ্বাদ লয় মহেন্দ্ৰ সিং ধোনীৰ পৰা।
দুটা ভিন্ন ক্ষেত্ৰৰ দুগৰাকী কিংবন্তীৰ মাজৰ এই আৱেগিক মুহূৰ্তৰ ছবিখনে এতিয়া চৰ্চা লাভ কৰিছে সামাজিক মাধ্যমতো।
প্ৰণিধানযোগ্য যে আইপিএলৰ উদ্বোধনী অনুষ্ঠানত অৰিজিত সিঙৰ উপৰিও উপস্থিত থাকে মোহময়ী অভিনেত্ৰী তমন্না ভাটিয়া আৰু ৰশ্মিকা মণ্ডানা।