
নিউজ ডেস্কঃ নতুন বছৰৰ আৰম্ভণিতে পুনৰ বৃদ্ধি পাব পাৰে বিদ্যুৎ মাচুল।
লোকচানৰ বোজা হ্ৰাস কৰিবলৈ বিদ্যুৎ মাচুল পুনৰ বৃদ্ধিৰ প্ৰস্তাৱ এপিডিচিএলৰ।
প্ৰতি ইউনিউটত ১ টকা ৮০ পইচা বিদ্যুৎ মাচুল বৃদ্ধিৰ বাবে আগবঢ়োৱা হৈছে প্ৰস্তাৱ।
ইতিমধ্যে অসম ৰাজ্যিক বিদ্যুৎ নিয়ামক আয়োগক বিদ্যুৎ মাচুল বৃদ্ধিৰ বাবে প্ৰস্তাৱ দাখিল কৰিছে এপিডিচিএলে।
জানুৱাৰীৰ প্ৰথম সপ্তাহতে এই প্ৰস্তাৱ সন্দৰ্ভত শুনানি গ্ৰহণ কৰিব আয়োগে।
উল্লেখ্য যে, মাত্ৰ এসপ্তাহ পূৰ্বে প্ৰতি ইউনিউটত ৩০ পইচাকৈ মাচুল বৃদ্ধি কৰিছিল এপিডিচিএলে।
এপিডিচিএলৰ বছৰি প্ৰায় ৯০০ কোটি টকাৰ লোকচানৰ জোৰা মাৰিবলৈ পুনৰ মাচুল বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে।