
নিউজ ডেস্কঃ ‘কোনো কথাৰ প্ৰত্যুত্তৰ দিয়াৰ যোগ্যই নহয় ৰূপজ্যোতি কুৰ্মী। দল বাগৰা এজন নেতাৰ কথাৰ কিনো উত্তৰ দিম।’ – এই মন্তব্য শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ।
শেহতীয়াকৈ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে সৰৱ হৈ পৰিছিল মৰিয়নী সমষ্টিৰ বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মী। ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দিনা এনডিএৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুক কাঠৰ মুঢ়া বুলি অখিল গগৈয়ে কৰা মন্তব্যৰ পিছতে ক্ষুৰধাৰ সমালোচনা কৰিছিল ৰূপজ্যোতি কুৰ্মীয়ে।
ৰাজনৈতিক নেতাৰ কথাৰ সীমা অতিক্ৰম কৰি অখিল গগৈক মূৰ নাইকীয়া, চান্দাৰ তুলি তুলি বিধায়ক হোৱা বুলি মন্তব্য কৰিছিল কুৰ্মীয়ে। ইমানতে ক্ষান্ত নাথাকি শৃংখল চলিহাৰ দৰে নেতাৰ বাবেহে অখিল গগৈ বিধায়ক হোৱা বুলিও তেওঁ দাবী কৰিছিল।
এই সন্দৰ্ভত বুধবাৰে সাংবাদিকে অখিল গগৈক সোধা প্ৰশ্নৰ পিছত বিধায়কগৰাকীয়ে হাঁহি হাঁহি কয়, ‘ৰূপজ্যোতি কুৰ্মী কেনে চৰিত্ৰৰ মানুহ সেয়া সকলোৱে জানেই। দল-বাগৰা মানুহ এজনৰ কথাৰ মই কিনো উত্তৰ দিম?’
ৰূপজ্যোতি কুৰ্মীয়ে অভদ্ৰামীৰ সীমা চেৰাই নিকৃষ্ট মন্তব্য কৰা বুলি কৈ অখিল গগৈয়ে কয় যে কুৰ্মীৰ কথাৰ উত্তৰ দিবলৈ যোগ্যই নহয়।