আৰক্ষীৰ বৃহৎ সফলতা! নিয়মীয়া তালাচীত জব্দ প্ৰায় ২ কোটি টকা মূল্যৰ ড্ৰাগছ…

ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অব্যাহত আছে অসম আৰক্ষীৰ অভিযান।

পুনৰ নিষিদ্ধ ড্ৰাগছৰ ক্ষেত্ৰত আৰক্ষীয়ে লাভ কৰিছে বৃহৎ সফলতা।

এইবাৰ বোকাজানত উদ্ধাৰ হৈছে প্ৰায় ২ কোটি টকা মূল্যৰ ড্ৰাগছ।

লগে আৰক্ষীৰ জালত পৰিছে এজন সৰবৰাহকাৰী।

বৰপথাৰ আৰক্ষীৰ নাকা তালাচীত জব্দ কৰা হৈছে ৩২৩ গ্ৰাম ড্ৰাগছ।

image 212
আৰক্ষীৰ বৃহৎ সফলতা! নিয়মীয়া তালাচীত জব্দ প্ৰায় ২ কোটি টকা মূল্যৰ ড্ৰাগছ... 2

ডিমাপুৰৰ পৰা NL 07EB 0556 নম্বৰৰ এখন স্কুটীত আনিছিল ড্ৰাগছখিনি।

মোবাইলৰ সামগ্ৰীৰ মাজত ৩০ টা চাবোনৰ বাকচত লুকুৱাই আনিছিল এই ড্ৰাগছখিনি।

ধৃত সৰবৰাহকাৰী জন হৈছে নেত্ৰ বাহাদুৰ চোনাৰক।

দীৰ্ঘদিন ধৰি মোবাইলৰ সামগ্ৰী বিক্ৰী কৰাৰ চলেৰে বোকাজানৰ বিভিন্ন অঞ্চলত ড্ৰাগছ সৰবৰাহ কৰি আছিল ধৃত নেত্ৰ বাহাদুৰে।

সম্প্ৰতি অধিক তথ্যৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।