
নিউজ ডেস্কঃ ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ পৰীক্ষাৰ বাবে কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে ছেবাই।
ছেবাৰ অধ্যক্ষ আৰ চি জৈনে এক সংবাদ মেল সম্বোধন কৰি জানিবলৈ দিয়া মতে, এইবাৰ অনুষ্ঠিত হ’বলগীয়া চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ প্ৰাৰ্থী সকলক দুটা ভাগত বিভক্ত কৰা হৈছে। ইয়াৰে এটা হৈছে দশম শ্ৰেণী উত্তীৰ্ণ আৰু আনটো হৈছে অষ্টম উত্তীৰ্ণ। দশম শ্ৰেণী উত্তীৰ্ণ পৰীক্ষাৰ্থীসকলৰ পৰীক্ষা অনুষ্ঠিত হ’ব ২১ আগষ্টৰ পুৱা ১০ বজাৰ পৰা ১২ বজালৈ। সেইদৰে অষ্টম উত্তীৰ্ণ সকলৰ পৰীক্ষা অনুষ্ঠিত হ’ব একেদিনাই বিয়লি ২ বজাৰ পৰা ৪ বজালৈ।
আনহাতে তৃতীয় বৰ্গৰ পৰীক্ষাৰ বাবে তিনিটা ভাগ নিৰ্ণয় কৰা হৈছে। সেয়া হৈছে- উচ্চতৰ মাধ্যমিক বা ততোধিক উত্তীৰ্ণ পৰীক্ষাৰ্থী, স্নাতক উত্তীৰ্ণ পৰীক্ষাৰ্থী আৰু ড্ৰাইভাৰ পদৰ পৰীক্ষাৰ্থী।
উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ সকলৰ পৰীক্ষা ২৮ আগষ্টৰ পুৱা ১০ বজাৰ পৰা ১২ বজালৈ অনুষ্ঠিত হ’ব। স্নাতক পৰীক্ষাৰ্থীৰ পৰীক্ষা অনুষ্ঠিত হ’ব একে দিনাই ২ বজাৰ পৰা ৪ বজালৈ অনুষ্ঠিত হ’ব। সেইদৰে ড্ৰাইভাৰ পদৰ লিখিত পৰীক্ষা অনুষ্ঠিত হ’ব ১১ ছেপ্টেম্বৰৰ ১০বজাৰ পৰা ১২ বজালৈ।
উল্লেখ্য যে, এইবাৰ চতুৰ্থ আৰু তৃতীয় বৰ্গৰ পদৰ লিখিত পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে গঠন কৰা দুখন সমিতিয়ে মাধ্যমিক শিক্ষা সংসদক পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব অৰ্পণ কৰিছিল। তাৰ পিছতে শুকুৰবাৰে পৰীক্ষাৰ্থী সকলক লৈ কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰে ছেবাই।
এই পৰীক্ষা অনুষ্ঠিত কৰিবলৈ ইতিমধ্যে যাৱতীয় সকলো কাম সম্পন্ন হোৱা বুলি জানিবলৈ দি সংবাদ মেলত ছেবাৰ অধ্যক্ষ আৰ চি জৈনে কয় যে এই পৰীক্ষা ২১ আগষ্টত ২৪ খন জিলাত আৰু ২৮ তাৰিখে ২৫ খন জিলাত অনুষ্ঠিত হ’ব।
আনহাতে পৰীক্ষাৰ সময়ত কোনো পৰীক্ষাৰ্থীয়ে নিষিদ্ধ কৰা সামগ্ৰী লগত নিলে তেনে পৰীক্ষাৰ্থীৰ বিৰুদ্ধে আইনমতে ব্যৱস্থা গ্ৰহণ কৰা হব আৰু ভৱিষ্যতৰ বাবেও চৰকাৰী চাকৰি লাভ নকৰিব পাৰে বুলি সকিয়াই দিয়ে জৈনে। ইয়াৰ বাবে ১৪৪ ধাৰা জাৰি কৰাৰো সম্ভাৱনা ব্যক্ত কৰে তেওঁ।
বিগত সময়ত লিখিত পৰীক্ষাৰ সময়ত দুগৰাকী ছাত্ৰই প্ৰশ্নকাকত লগত লৈ অনাৰ ঘটনা সংঘটিত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ শিক্ষাৰ্থীসকলৰ এডমিট কাৰ্ডত লিখি দিয়া হৈছে যে যদি পৰীক্ষাৰ্থীয়ে প্ৰশ্নকাকত জমা নিদিয়ে, তেন্তে তেওঁক পৰীক্ষাত অনুপস্থিত বুলি ধৰা হ’ব।
তদুপৰি বিশেষভাৱে সক্ষম পৰীক্ষাৰ্থীয়ে লগত যদি সহায়ক ব্যক্তি লৈ যায়, তেন্তে তেনে ব্যক্তিজন পৰীক্ষাৰ্থীজনতকৈ নিম্ন ক্লাছৰ হ’লে অধিক ভাল বুলি মন্তব্য কৰে ছেবাৰ অধ্যক্ষগৰাকীয়ে।