ভয়ংকৰ দুৰ্ঘটনা! থাৰ বাহনে মহতিয়াই নিলে চাইকেল আৰোহীক, নিহত এজন….

এক শোকাৱহ পথ দুৰ্ঘটনা।

থাৰ বাহনে মহতিয়াই নিলে এগৰাকী চাইকেল আৰোহীক।

দুৰ্ঘটনাটোৰ ফলত প্ৰাণ হেৰুৱাই এগৰাকী ৫০ বছৰীয়া লোকে।

ধেমাজিৰ মাছখোৱা পথাৰত কোৱাফলাগাঁৱত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।

নিহত চাইকেল আৰোহীজন ৫০বছৰীয়া গহীন কোৱঁৰ বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, থাৰ বাহন এখনে চাইকেল আৰোহীজনক মহতীয়াই ফলত গুৰুতৰভাৱে আহত হয় গহিন কোঁৱৰ (৫০) নামৰ লোকজন।

গুৰুতৰভাৱে আহত লোকজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়া হয় যদিও উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে।

অৱশেষত ডিব্ৰুগড় আদিত্য হস্পিতালত শেষ নিশ্বাস ত্যাগ কৰে চাইকেল আৰোহী গহিন কোঁৱৰে।

এই ঘটনাই সমগ্ৰ অঞ্চলটোত এক শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে।