ত্ৰিপুৰা

তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱৰ ওপৰত দুষ্কৃতিকাৰীৰ আক্ৰমণ, আহত সুস্মিতা দেৱ…

তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱৰ ওপৰত দুষ্কৃতিকাৰীৰ আক্ৰমণ।

শুকুৰবাৰে দিনৰ ১.৩০ মান বজাত সাংসদগৰাকী আগৰতলাৰ আমতলিত এক ৰাজনৈতিক অনুষ্ঠানৰ বাবে গৈ থকা অৱস্থাতে  এই ঘটনা সংঘটিত হয়। 

জানিব পৰা অনুসৰি, ইতিমধ্যে ঘটনা সন্দৰ্ভত ৰুজু কৰা হৈছে এক গোচৰ।

গোচৰত প্ৰকাশ কৰা অনুসৰি, একাংশ দুষ্কৃতিকাৰীয়ে তৃণমূল কংগ্ৰেছৰ কৰ্মকৰ্তাসকলৰ গাড়ী ভাঙি-চূৰমাৰ কৰাৰ লগতে তেওঁলোকক শাৰীৰিকভাৱে প্ৰহাৰ কৰিছিল।

এই আক্ৰমণৰ ঘটনাত সুস্মিতা দেৱে হাতত সামান্য আঘাত পোৱাৰ লগতে আন তিনিকৰ্মীও কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে। 

ইফালে এই ঘটনাত বিজেপিৰ লোক জড়িত হৈ আছে বুলি আৰক্ষীক অভিযোগ দাখিল কৰিছে সাংসদ সুস্মিতা দেৱে।

Leave a Reply

Your email address will not be published. Required fields are marked *