তৃণমূল কংগ্ৰেছৰ সম্পাদক অভিষেক বেনাৰ্জীৰ বিৰুদ্ধে গোচৰ ৰুজু ত্ৰিপুৰা আৰক্ষীৰ

নিউজ ডেস্ক। অহা ইং ২੦২৩ চনৰ ত্ৰিপুৰা বিধানসভাৰ সাধাৰণ নিৰ্বাচনক লৈ ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে ৰাজ্যখনৰ ৰাজনীতি।

বিশেষকৈ ৰাজ্যখনৰ শাসনাধিষ্ঠিত বিজেপি দলৰ সৈতে মুকলি সংঘাতত লিপ্ত হৈছে তৃণমূল কংগ্ৰেছ।

উল্লেখ্য যে যোৱা দেওবাৰে ত্ৰিপুৰাৰ খোৱাই থানাত আৰক্ষীক দুৰ্ব্যব্যৱহাৰ কৰাৰ অভিযােগ উঠিছিল তৃণমূল কংগ্ৰেছৰ এটা প্ৰতিনিধি দলৰ সৈতে।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দলীয় নেতা-কৰ্মীক মুকলি কৰি দিয়াৰ দাবীয়ে থানাখনত উপস্থিত হৈছিল দলটাে।

সেই দলটোত আছিল পশ্চিম বংগৰ সাংসদ তথা তৃণমূল কংগ্ৰেছৰ সৰ্বভাৰতীয় সম্পাদক অভিষেক বেনাৰ্জী, দোলা সেন, শিক্ষা মন্ত্ৰী ব্রাত্য বসু, ত্ৰিপুৰাৰ তৃণমূল নেতা সুবল ভৌমিক।

এইবাৰ এই সকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ত্ৰিপুৰা আৰক্ষীয়ে। ১৮৬/৩৪ নং ধাৰাত আৰক্ষীয়ে এক নিজাববীয়া গোচৰ ৰুজু কৰে আৰক্ষীয়ে।

আৰক্ষীয়ে অভিযোগ কৰি কয় যে তেওঁলোকে এঘন্টাতকৈয়ো বেছি সময় আৰক্ষীৰ কাৰ্যত বাধা প্ৰদান কৰিছিল।

ইয়াৰোপৰি তেওঁলোকে খোৱাই থানাৰ আৰক্ষী বিষয়াকো দুৰ্ব্যৱহাৰ কৰিছিল বুলি কয়। সেয়েহে ৰুজু কৰা হয় গোচৰ।

ইয়াৰ লগে লগে ত্ৰিপুৰা আৰক্ষীক আক্ৰমণ কৰিছে তৃণমূল কংগ্ৰেছেও।

তৃণমূল নেতা কুণাল ঘোষে কয়, “খোৱাই থানাৰ আৰক্ষীয়ে মিছা অভিযোগেৰে আমাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। বিজেপিয়ে ভয় খাইছে। আমি কোনো প্ৰকাৰে আৰক্ষীৰ কাৰ্যত বাধা প্ৰদান কৰা নাই। আদালতত সেইদিনা আৰক্ষীয়ে কোনো অভিযোগ উত্থাপন কৰা নাছিল।”

উল্লেখ্য যে শনিবাৰে ত্ৰিপুৰাৰ আমবাসালৈ তৃণমূল কংগ্ৰেছৰ ছাত্ৰ নেতা গৈছিল।

দেওবাৰে পুৱা আৰক্ষীয়ে প্ৰায় ১৪ জন ছাত্ৰ নেতাক গ্ৰেপ্তাৰ কৰিছিল। মহামাৰী আইনৰ অধীনত তেওঁলোকক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।

সেয়েহে ত্ৰিপুৰাত গৈ নিজেই থানালৈ গৈছিল অভিষেক বেনাৰ্জী। দীৰ্ঘ সময় থানাত প্ৰতিবাদ কৰিছিল অভিষেক বেনাৰ্জী সহ কেইবাজনো নেতাই।

মহকুমা আৰক্ষী বিষয়া ৰাজীৱ সূত্ৰধৰ, ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোৰঞ্জন দেৱবাৰ্মাক এক প্ৰকাৰ সতৰ্ক কৰি অভিষেকে কৈছিল- “তৃণমূলৰ নেতা সকলৰ বিৰুদ্ধে আপুনি অভিযোগ দেখে। আমি ইয়াতে বহি থাকিম। হয় আপুনি থানাতেই তেওঁলোকৰ জামিন দিব লাগিব, অন্যথা অভিযোগ কি জনাব লাগিব।”

ইয়াৰ পিছতেই ছাত্ৰ নেতাৰ জামিন দিয়া হয়। আৰু তাৰ পিছতেই অভিষেক ঘূৰি গৈছিল কলকাতালৈ। আৰু তাৰ ঠিক দুদিন পিছতেই নতুনকৈ তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে ত্ৰিপুৰা আৰক্ষীয়ে।

Leave a Comment