ড০ অজন্তা বৰগোহাঁই ৰাজকোঁৱৰক অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য নিযুক্তি…
পূৰ্বে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ অধ্যাপিকা আছিল ড০ অজন্তা বৰগোহাঁই ৰাজকোঁৱৰ।
স্কুল অৱ কমাৰ্চ এণ্ড মেনেজমেণ্ট ছাইন্সৰো দীন হিচাপে কৰ্মৰত হোৱাৰ লগতে, চেণ্টাৰ ফ’ৰ মেনেজমেণ্ট ষ্টাডিছৰ অধ্যক্ষৰ দায়িত্বত আছিল বৰগোহাঁই।
উল্লেখ্য যে, ইংলেণ্ড, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডাৰ তিনিটা আন্তৰ্জাতিক প্ৰকল্পত জড়িত থকাৰ উপৰিও UGC আৰু NAACৰো সদস্য বৰগোহাঁই।
কেইবাখনো গৱেষণা গ্ৰন্থ ৰছনা কৰাৰ সমান্তৰালকৈ তেওঁৰ তত্বাৱধানত বৰ্তমানলৈকে ১৮ গৰাকী শিক্ষাৰ্থীয়ে PhD আৰু ১৭জনে M.Phil ডিগ্ৰী লাভ কৰিছে।










