টোলগে’টেৰে গাড়ী পাৰ নোহোৱাকৈয়ে FASTag একাউন্টৰ পৰা কাটি নিলে টোল কৰ, উত্তাল প্ৰতিবাদ…

টোল টেক্স চিণ্ডিকেটৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ।

ডবকাৰ টোলগে’ট ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে গাড়ীৰ গৰাকী সকলৰ।

টোলগেটেৰে গাড়ী পাৰ নোহোৱাকৈয়ে FASTag একাউন্টৰ পৰা টোল কৰ কাটি নিয়াৰ বাবে এনেদৰে সাব্যস্ত কৰে প্ৰতিবাদ৷

অন্যায়ভাবে টোলকৰ কাটি নিয়া নচলিব, টোলকৰৰ নামত প্ৰৱঞ্চনা কৰা নচলিব, বিজেপি চৰকাৰ হায়-হায় আদি ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কে প্ৰতিবাদকাৰীসকলে।

উল্লেখ্য যে, ইতিমধ্যে টোলকৰৰ নামত হোজাই জিলাত প্ৰৱঞ্চনাৰ বলি হৈছে বহু লোক৷

টোলগে’টেৰে গাড়ী পাৰ নহলেও গাড়ীৰ গৰাকীৰ FASTag WALLET ৰ পৰা ধন কাটি নিয়াৰ কেবাটাও ঘটনা পোহৰলৈ আহিছে।

বুধবাৰে ডবকাৰ দুজনকৈ লোকৰ সৈতে একেসময়তে এনে ঘটনা সংঘটিত হৈছিল।

ডবকাৰ ফাৰুক আহমেদ আৰু গোপাল হুছেইনৰ গাড়ীৰ টোল টেক্স কাটি নিছিল ডবকাৰ টোলগেট কৰ্তৃপক্ষই। ফাৰুক আহমেদৰ AS 01 EJ 3361 নম্বৰৰ গাড়ীখন গুৱাহাটীত তথা গোলাপ হুছেইনৰ AS 01 AU 9992 নম্বৰৰ গাড়ীখন তেওঁৰ ঘৰত থকাৰ অৱস্থাতে টোলগেট পাৰ হোৱাৰ নামত কাটি নিয়ে ৮০ টকাকৈ৷

ইতিমধ্যে ঘটনা সন্দৰ্ভত গোলাপ হুছেইনে ডবকা টোলগেটৰ বিৰুদ্ধে ডবকা থানাত ৰুজু কৰিছে এটা গোচৰ৷

Leave a Comment