fbpx
অসমীয়াঅসম

টিকক পাহাৰত আত্মগোপন আলফাৰ কেডাৰৰ! আৰক্ষীয়ে সংঘৰ্ষত নিহত চাৰ্জেণ্ট মেজৰ উদয় অসম…

নিউজ ডেস্কঃ পুৱতি নিশা তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত আলফা স্বাধীন আৰু আৰক্ষীৰ মাজত প্ৰচণ্ড গুলীয়াগুলি।

এই সংঘৰ্ষত নিহত আলফা স্বাধীনৰ এজন কেডাৰ।

মাৰ্ঘেৰিটাৰ টিকক মুলুং পাহাৰত সংঘটিত হয় এই সংঘৰ্ষ।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, আলফাৰ এটা দল আত্মগোপন কৰি থকাৰ গোপন খবৰ লাভ কৰাৰ পিছতে অঞ্চলটোত অভিযান চলায় আৰক্ষীয়ে।

কিন্তু আৰক্ষীক দেখি গুলীবৰ্ষণ আৰম্ভ কৰে আলফাৰ কেডাৰে। প্ৰত্যুত্তৰ দিয়ে আৰক্ষীয়ে।

আলফা-আৰক্ষীৰ সংঘৰ্ষত নিহত হয় এজন কেডাৰ।

নিহত কেডাৰজনক আলফাৰ চাৰ্জেণ্ট মেজৰ উদয় অসম বুলি চিনাক্ত কৰা হৈছে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!