নিউজ ডেস্ক। ‘চেকণীৰ আগত বিদ্যা থাকে।’
পূৰ্বে স্কুলত কোনো এটা বিষয় নোৱাৰিলে শিক্ষকে শিক্ষাৰ্থীক প্ৰহাৰ কৰাটো এক সাধাৰণ কথা আছিল। কিন্তু সময় যিমানেই সলনি হৈছে, সিমানেই শিক্ষাৰ্থীৰ ওপৰত যেন শিক্ষকৰ অধিকাৰ সীমিত হৈ আহিছে।
আজিকালি ছাত্ৰ বা ছাত্ৰীজনীয়ে নোৱাৰিলেও দুটা থাপৰ মাৰি পঢ়োৱাৰ অধিকাৰ নাই শিক্ষকৰ।
কিন্তু তাৰ মাজতো কেতিয়াবা কিছুমান শিক্ষকে অভিভাৱকৰ দৃষ্টিৰে দুটা থাপৰ মাৰি বা ধমক এটা দি ছাত্রয়ে কৰা ভুলখিনি শুধৰাই দিয়াৰ চেষ্টা চলায়।
তেনেই এক এক চেষ্টা কৰিছিল ৰাজস্থানৰ ভৰতপুৰ জিলাৰ এখন ব্যক্তিগত বিদ্যালয়ৰ এগৰাকী শিক্ষকে।
হোমৱৰ্ক সম্পূৰ্ণ নকৰা বিদ্যালয়খনৰ এগৰাকী ছাত্ৰীক শিক্ষক গৰাকীয়ে কৰ্তৃত্বৰ সুৰত এটা চৰ মাৰিছিল। কিন্তু সেয়াই যেন অপৰাধ হল শিক্ষকগৰাকীৰ বাবে।
যিগৰাকী ছাত্ৰীক শিক্ষকে চৰটো মাৰিছিল, তেওঁৰ পিতৃ এগৰাকী ভাৰতীয় সেনা জোৱান। কন্যাই কান্দি কান্দি এই বিষয়ে পিতৃক অভিযোগ কৰাত খঙত খৰ্গহস্ত হৈ পৰে পিতৃ।
তাৰ পিছতে সোমবাৰে কানৱাড়া গাঁওস্থিত বিদ্যালয়খনৰ সঞ্চালকক লগ কৰিবলৈ যায় সৈনিক পিতৃ পাপ্পু গুৰ্জাৰ।
কিন্তু খঙত অগ্নিশর্মা হৈ থকা পাপ্পু গুৰ্জাৰ আৰু বিদ্যালয়ৰ সঞ্চালকৰ মাজত সোনকালেই বিবাদৰ সূত্ৰপাত হয়। যাৰ ফলত সেনা জোৱানগৰাকীয়ে নিজৰ বন্দুকটো উলিয়াই সঞ্চালকৰ ফালে টোঁৱাই গুলি চলায়।
কিন্তু সেই সময়ত পাপ্পু গুৰ্জাৰৰ পত্নী আহি দুয়োৰে মাজত থিয় হোৱাত বন্দুকৰ গুলি পত্নীৰ বাহুত লাগে আৰু আহত হয়।
আনহাতে ঘটনা সংঘটিত কৰিয়েই তাৰ পৰা পলায়ন কৰে সেনা জোৱানজনে।
ষ্টেচন হাউচ অফিচাৰ কামা দৌলত সিঙে জানিবলৈ দিয়া মতে, ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰা হৈছে আৰু পলাতক অভিযুক্ত সেনা জোৱানজনৰ সন্ধান চলাই থকা হৈছে।
লগতে চাওকঃ
তই বুজিছ নে নাই? সদ্যজাত দেৱশিশুক কোলাত লৈ প্ৰশ্ন এগৰাকী চিকিৎসকৰ, চাই লওক এই প্ৰাণস্পৰ্শী ভিডিঅ’
হাতত পিষ্টল, ওঁঠত চিগাৰেট লৈ ৰাজপথত বাইক ষ্টাণ্ট ২ বন্ধুৰ! তাৰ পাছত ঘটিল এই ঘটনা…