অসম

জি পি সিঙৰ সংবাদমেলঃ বটদ্ৰৱা কাণ্ডৰ অভিযুক্তৰ জেহাদী যোগসূত্ৰ পৰীক্ষা কৰা হ’ব…

বটদ্ৰৱাত উপস্থিত অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক জি পি সিং।

নগাঁও আৰক্ষী অধীক্ষকৰ পৰা ঘটনাৰ বুজ ল’লে জি পি সিঙে।

দুৰ্বৃত্তই জ্বলাই দিয়া থানা খনো পৰিদৰ্শন কৰে জি পি সিঙে।

ইয়াৰ পিছতে ঘটনা সন্দৰ্ভত সংবাদমেল সম্বোধন কৰে অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক জি পি সিঙে।

image 54

বটদ্ৰৱাত জি পি সিঙে কয়- বটদ্ৰৱা কাণ্ডৰ সৈতে জেহাদীও জড়িত হব পাৰে। আমি তদন্ত কৰিম পুংখানুপুংখভাৱে।

বটদ্ৰৱা কাণ্ডৰ সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে এছ আই টি গঠন কৰাৰ কথা সদৰি কৰে। লগতে ৪৫ দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব লাগিব এছ আই টিয়ে।

আনহাতে এই সমগ্ৰ ঘটনা সন্দৰ্ভত ৭ জন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে ১৪-১৫ জন লোকক আটক কৰা হৈছে বুলি জানিব দিয়ে।

লগতে আৰক্ষীৰ জিম্মাত যুৱকৰ মৃত্যুৰ ঘটনাৰো নিৰপেক্ষ তদন্ত কৰা হ’ব বুলি বিষয়া গৰাকীয়ে সদৰি কৰে।

৬০ দিনৰ ভিতৰত গোচৰৰ অভিযোগনামা দিয়াৰ অংগীকাৰ জি পি সিঙৰ।

Related Articles

Leave a Reply

Back to top button