fbpx
অসম

জিলা উপায়ুক্তৰ মাজত এইবাৰ প্ৰতিযোগিতা, সৰ্বস্তৰৰ লোকে লিখিব লাগিব লাচিতৰ বিষয়ে এটা পেৰাগ্ৰাফ

জিলা উপায়ুক্তৰ মাজত এইবাৰ প্ৰতিযোগিতাৰ আয়োজন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

সমাজৰ সৰ্বস্তৰৰ লোকে লিখিব লাগিব লাচিত বৰফুকনৰ বিষয়ে এটা পেৰাগ্ৰাফ।

উপায়ুক্তৰ পৰা ৰিক্সা চালকলৈকে সকলোৱে লিখিব লাচিতৰ বিষয়ে।

লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে বিজেপি চৰকাৰে হাতত লৈছে এই অভিনৱ কাৰ্যসূচী।

জাতীয় বীৰ জনৰ জীৱন আৰু কৰ্মৰাজিৰ প্ৰসাৰৰ বাবে তেজপুৰত অনুষ্ঠিত হোৱা উপায়ুক্ত সন্মিলনত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে মুখ্যমন্ত্ৰীয়ে।

ৰাজ্যৰ প্ৰায় ১ কোটি মানুহৰ দ্বাৰা লাচিতৰ বিষয়ে লিখোৱাৰ পৰিকল্পনা মুখ্যমন্ত্ৰীৰ।

আনহাতে কোন উপায়ুক্তই কিমানজনক লিখাব পাৰে ইয়াৰ ওপৰতো হ’ব পৰ্যালোচনা।

উপায়ুক্ত সন্মিলনতে প্ৰতিখন জিলাৰ উপায়ুক্তলৈ এই গধুৰ দায়িত্ব প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

অৱশ্যে এই পেৰাগ্ৰাফ লিখাতো কোনো প্ৰতিযোগিতা নহয় বুলিও স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্ৰীয়ে।

কিন্তু লাচিতৰ বিষয়ে লিখা প্ৰতিজন ব্যক্তিলৈ বিশেষভাৱে ধন্যবাদ জনাব ৰাজ্য চৰকাৰে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!