কংগ্ৰেছ এতিয়াও শেষ হৈ যোৱা নাই, কংগ্ৰেছ নাই বুলি হাত সাৱতি বহি নাথাকিবঃ মুখ্যমন্ত্ৰী

কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত বিজেপিৰ বৃহৎ জয়।

পৰিষদৰ আটাইকেইখন (২৬ খন) আসনতে বৃহৎ জয়লাভ সাব্যস্ত কৰে বিজেপি দলে।

৭ বছৰৰ ধাৰাবাহিকতা অব্যাহত ৰাখি কাৰ্বি আংলঙত পুনৰ বিজেপিয়ে বৃহৎ জয় লাভ কৰে।

উল্লেখ্য যে, এই নিৰ্বাচনত বিৰোধী দল সমূহৰ শোচনীয় অৱস্থা হোৱা পৰিলক্ষিত হয়। কংগ্ৰেছ, আপকে ধৰি প্ৰতিটো ৰাজনৈতিক দলেই ভাল প্ৰতিদ্বন্দ্বিতা প্ৰদৰ্শন কৰিব নোৱৰিলে।

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

তেওঁ কয়- ‘আমাৰ কংগ্ৰেছ আৰু APHLC ৰ সৈতে মূল প্ৰতিদ্বন্দ্বিতা হৈছে। কংগ্ৰেছ এতিয়াও শেষ হৈ যোৱা নাই। কংগ্ৰেছ নাই বুলি হাত সাৱতি বহি নাথাকিব।’

মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয়- ‘কংগ্ৰেছ এটা ৰাষ্ট্ৰীয় দল। একাংশ লোক এতিয়াও কংগ্ৰেছৰ সৈতে আছে। গতিকে কংগ্ৰেছ ধূলিসাৎ হ’ব বা নোহোৱা হ’ব বুলি মই নাভাবো। বিধানসভাত মূল প্ৰতিদ্বন্দ্বি কংগ্ৰেছেই হ’ব। আমাৰ জেগাত আমি আছো, তেওঁলোকৰ জেগাত তেওঁলোক আছে।’

মই বিজেপি আৰু মিত্ৰজোঁটক অনুৰোধ জনাম যে, কংগ্ৰেছ নাই বুলি হাত সাৱতি বহি থাকিব নালাগে। লাহে লাহে কংগ্ৰেছ নোহোৱা হ’ব কিন্তু সেই পৰিৱেশ এতিয়াই অহা নাই।- মুখ্যমন্ত্ৰী।