সম্প্ৰীতিৰ বিৰল নিদৰ্শন! মুছলমান যুৱতীৰ হিন্দু ৰীতি-নীতিৰে বিবাহ সম্পন্ন…

সম্প্ৰীতিৰ এক বিৰল নিদৰ্শন।

মুছলমান যুৱতীৰ হিন্দু ৰীতি-নীতিৰে বিবাহ সম্পন্ন।

এগৰাকী মুছলিম ছোৱালীক সম্পূৰ্ণ হিন্দু ৰীতি নীতিৰে ঘৰৰ পৰা উলিয়াই দিলে পালিত মাতৃয়ে।

মঙলদৈ হিৰাপাৰাত এই ব্যতিক্ৰম বিবাহখন সম্পন্ন হয়।

জানিব পৰা মতে, যোৱা প্ৰায় ৬ বছৰ ধৰি মঙলদৈ খাটনিয়া পাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী অনিতা ৰাজবংশীয়ে জৰীফুল বেগম নামৰ এগৰাকী দৰিদ্ৰ মুছলিম যুৱতীক নিজ কন্যাৰ দৰে লালন পালন কৰি ডাঙৰ দীঘল কৰিছিল।

সেই গৰাকী ছোৱালীৰ খাটনিয়াপাৰাৰে তবিবুৰ ৰহমানৰ সৈতে বিবাহ।

image 122
সম্প্ৰীতিৰ বিৰল নিদৰ্শন! মুছলমান যুৱতীৰ হিন্দু ৰীতি-নীতিৰে বিবাহ সম্পন্ন... 2

যদিও বিবাহ খন ইছলামধর্মীয় নিয়মত হ’ব তথাপি আজি পালিত মাতৃ অনিতা ৰাজবংশীয়ে হিৰাপাৰাৰ ঘৰ খনৰ পৰা জৰীফুল বেগমক উলিয়াই দিয়া সময়ত সম্পূৰ্ণ হিন্দু নিয়ম অনুসৰি ঘৰৰ পৰা উলিয়াই দিয়ে।

আনকি গহনা, কাপোৰ, ফাৰ্নিচাৰ সকলো লগত দিয়ে পালিত পিতৃ মাতৃয়ে।

ঘৰৰ পৰা উলিয়াই দিয়াৰ সময়ত আবেগিক হৈ পৰে পালিত মাতৃ, ওচৰ চুবুৰীয়া লোক সকল। এনে মৰম পায় আৱেগত কান্দি উঠে কইনা জৰীফুল বেগমেও।