নিউজ ডেস্ক। আধুনিক জীৱন ধাৰণ প্ৰণালীত জিম হৈ পৰিছে প্ৰায় প্ৰতিগৰাকী স্বাস্থ্য সচেতন যুৱক যুৱতীৰ এক অপৰিহাৰ্য অভ্যাস।
এটা পৰিপাটি তথা সুস্থ শৰীৰ লাভ কৰাত জিমৰ অৱদান যদিও নুই কৰিব নোৱাৰি, তথাপি সময়ে সময়ে জিমলৈ গৈ প্ৰাণ হেৰুৱাব লগা হোৱা ঘটনা কাণত নপৰা নহয়।
এইবাৰ জিমত ব্যায়াম কৰি থকা অৱস্থাতে পশ্চিম বংগৰ ৰাজধানী চহৰ কলকাতাত এগৰাকী যুৱতীৰ মৃত্যুৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।
কলকাতাৰ সোনালী উদ্যানৰ বাসিন্দা এই ১৯ বছৰীয়া ছোৱালীজনীৰ নাম ঋত্বিকা দাস।

যুৱতীগৰাকীয়ে জিমত অনুশীলন কৰি থাঁকোতেই হঠাতে প্ৰচণ্ড ‘বুকুৰ বিষ’ অনুভৱ কৰাত যুৱতীগৰাকীক সংকটজনক অৱস্থাত ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। কিন্তু ইতিমধ্যেই মৃত্যুৰ ওচৰত হাৰ মানিছিল ঋত্বিকাই।
চিকিৎসালয় পোৱাৰ পিছতে চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।
কিন্তু মাত্ৰ ১৯ বছৰ বয়সতে ঋত্বিকাৰ এনেদৰে মৃত্যু হোৱা ঘটনাটোৱে সৃষ্টি কৰিছে চাঞ্চল্যৰ।
এই লৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
জিম কৰ্তৃপক্ষ আৰু বন্ধুবৰ্গৰ মতে, ৰিত্বিকাই জিমত অনুশীলন কৰোঁতে, হঠাতে ‘বুকুৰ বিষ’ অনুভৱ কৰিছিল। এই কথাটো তেওঁৰ জিমৰ বন্ধু সকলেও বিষয়টো লক্ষ্য কৰিছিল।

তেওঁক সংকটজনক অৱস্থাত ততাতৈয়াকৈ এম আৰ বাংগুৰ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।
স্নাতক তৃতীয় বৰ্ষৰ ছাত্ৰী ঋত্বিকাই শৰীৰৰ ওজন যথেষ্ট বৃদ্ধি পোৱাৰ বাবেই প্ৰায় তিনি মাহৰ আগত জিমত নামভৰ্তি কৰিছিল।
আনদিনাৰ দৰে, তেওঁ মৃত্যুৰ দিনাও আবেলি প্ৰায় ৪:৩০ বজাত জিমলৈ আহে আৰু এগৰাকী বান্ধৱীক তেওঁ বুকুত বিষ অনুভৱ কৰাৰ কথা জানিবলৈ দিয়ে।

অৱশ্যে অনুশীলনৰ অলপ পিছতে, তেওঁ মজিয়াত ঢলি পৰে।
ঋত্বিকাক ততাতৈয়াকৈ এম আৰ বাংগুৰ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল।
অৱশ্যে, চিকিৎসকসকলে তেওঁক মৃত বুলি ঘোষণা কৰিছিল। অৱশ্যে,বহুতে ঋত্বিকাই হৃদৰোগত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে বুলিও মত পোষণ কৰিছে।
কিন্তু ঋত্বিকাৰ এই মৃত্যুৰ প্ৰকৃত কাৰণ মৰণোত্তৰ পৰীক্ষাৰ পিছতহে পােহৰলৈ আহিব।
লগতে চাওকঃ
বিয়াৰ ৫৪ বছৰ পিছত পিতৃ হােৱাৰ গৌৰৱ অৰ্জন কৰিলে ৭৫ বছৰীয়া প্ৰাক্তন সৈনিকে, আনন্দত আত্মহাৰা পৰিয়াল
