fbpx
অসম

চৰকাৰী চিকিৎসকৰ বিৰুদ্ধে পত্নীক নির্যাতনৰ অভিযােগ! চিকিৎসক ডাঃ গজেন নাথক গ্ৰেপ্তাৰ…

এগৰাকী চৰকাৰী চিকিৎসকৰ বিৰুদ্ধে উত্থাপন হৈছে পত্নীক নির্যাতনৰ অভিযােগ।

পত্নী নিৰ্যাতনৰ অভিযোগত ডাঃ গজেন নাথ নামৰ চিকিৎসকজনক দেওবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

নগাঁও জিলাৰ ৰহা আৰক্ষী থানাৰ অন্তৰ্গত বাৰপুজীয়া মঠগুৰিৰ চৰকাৰী চিকিৎসক ডাঃ গজেন চন্দ্র নাথ।

ডাঃ নাথৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ তুলিছিল তেওঁৰ তৃতীয় পত্নীয়ে।

ডাক্তৰ স্বামীয়ে প্ৰায়েই তেওঁক বেজী দি মানসিক বিকাৰগ্ৰস্ত প্ৰমাণ কৰাৰ অপচেষ্টা চলোৱা বুলিও অভিযোগ তুলিছিল তৃতীয় পত্নীয়ে।

image 123

এই বিষয়ে গজেন নাথৰ তৃতীয় পত্নীৰ মাতৃয়ে ৰহা থানাৰ উপৰি গুৱাহাটীৰ নুনমাটি থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গোচৰ ৰুজু কৰে।

ৰহা আৰক্ষীয়ে ৰুজু কৰা ৩০০/২০২১ নম্বৰৰ গোচৰ সন্দৰ্ভত আৰক্ষীয়ে গজেন নাথক জেৰাৰ বাবে বিচাৰিছিল যদিও ছমাহৰো অধিক কাল আৰক্ষীৰ চকুত ধুলি দি আত্মগোপন কৰি আছিল গজেন নাথে।

ইপিনে গজেন নাথে চামগুৰি থানাৰ অন্তৰ্গত পহুকটাৰ মোমায়েকৰ ঘৰত তেওঁৰ মাকৰ সৈতে আত্মগোপন কৰি থকা বুলি স্থানীয় ৰাইজে চামগুৰি আৰক্ষীক অৱগত কৰে।

অৱশেষত দেওবাৰে বিয়লি প্রায় পাঁচ বজাত টংকেশ্বৰ নাথৰ ঘৰৰ পৰা গজেন চন্দ্ৰ নাথক ৰহা আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰে চামগুৰি আৰক্ষীয়ে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!