চৰকাৰী কৰ্মচাৰীক আক্ৰমণ অভিযোগত ৫ বিজেপি কৰ্মীক ১২ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ…

ত্ৰিপুৰাৰ পাঁচজন বিজেপি কৰ্মীক ১২ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ।

চৰকাৰী কৰ্মচাৰীক আক্ৰমণ কৰাৰ অভিযোগত বিজেপি কৰ্মী কেইজনক স্থানীয় আদালতে ১২ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

তেওঁলোক হৈছে- সুজিত দেবনাথ (২৯), সঞ্জয় পাটাৰী (২৪), বিশ্বজিৎ পাল (৪৬), শিবাস দেবনাথ (৫০) আৰু জয়ন্ত দেবনাথ (৪৬)।

ত্ৰিপুৰা অসামৰিক সেৱাৰ বিষয়া আৰু আন ৯ জন চৰকাৰী কৰ্মচাৰীক আক্ৰমণ কৰাৰ অভিযোগ এই ৫ বিজেপি কৰ্মীৰ বিৰুদ্ধে।

অভিযোগ অনুসৰি বুধবাৰে বিজেপি কৰ্মীৰ এটা দলে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰীসকলৰ ৰেকৰ্ড পৰীক্ষা কৰিবলৈ গৈ মাধৱ নগৰ গাঁৱৰ এটা প্ৰশাসনিক শিবিৰত পোয়াংবাৰী বিডিঅ’ বৈজয়ন্ত সৰকাৰ আৰু তেওঁৰ কৰ্মচাৰীসকলক আক্ৰমণ কৰে।

বিডিঅ’ গৰাকীয়ে অভিযোগ কৰা অনুসৰি বিজেপি কৰ্মীসকলে অফিচত প্ৰৱেশ কৰি হিতাধিকাৰীৰ তালিকা সংশোধনৰ দাবী উত্থাপন কৰিছিল। হিতাধিকাৰীসকলক পূৰ্বৰ চৰকাৰে বাছনি কৰা বুলি তেওঁলোকে অভিযোগ উত্তাপন কৰিছিল।

Leave a Comment