fbpx
অসমীয়াঅসম

চোৰাংকৈ গৰু সৰবৰাহৰ সময়তে দুৰ্ঘটনাত পতিত বাহন! পলায়নৰ চেষ্টা চলাওতেই ৰাইজে খেদি খেদি কৰায়ত্ত কৰিলে চালকক…

নিউজ ডেস্কঃ চোৰাংকৈ গৰু সৰবৰাহৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত বাহন এৰি পলায়নৰ চেষ্টা চলাওতেই ৰাইজৰ হাতত কৰায়ত্ত হ’ল বাহন চালক।

এই ঘটনা সংঘটিত হৈছে গোলকগঞ্জত।

জানিব পৰা মতে, পুৱা ৫টা গৰু চোৰাংকৈ সৰবৰাহ কৰা এএছ ০১এএ ৩৬৪৪ নম্বৰৰ এখন বাহন গোলকগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত বিৰপাটনগৰ চাৰিআলিৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাগ্ৰস্ত হয়।

এই দুৰ্ঘটনাৰ পিছতে বাহনখনৰ কাষত স্থানীয় ৰাইজ গোট খোৱাত চালকজনে দৌৰি পলায়নৰ চেষ্টা চলায়।

কিন্তু সেই দৃশ্য প্ৰত্যক্ষ কৰি একাংশ ৰাইজে চালকজনক খেদি খেদি কৰায়ত্ত কৰে আৰু উত্তম মাধ্যম শোধায়।

পিছত গোলকগঞ্জ আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাত আৰক্ষীক গতাই দিয়ে চালকজনক।

ধৃত চালকজন হালাকুৰাৰ ভাইবজাৰৰ মফিজুল হক বুলি জানিব পৰা গৈছে।

আনহাতে, দুৰ্ঘটনাগ্ৰস্ত গাড়ীখনৰ পৰা গৰুকেইটা উদ্ধাৰ কৰি আৰক্ষীয়ে নিজৰ জিম্মাত লয়।

Related Articles

Back to top button