চীনৰ ‘চােৰাংচােৱা এজেন্ট’ক পদ্মশ্ৰী সন্মান! চোৰাংচোৱা সংস্থাৰ বিস্ফােৰক দাবীক লৈ তীব্ৰ চাঞ্চল্য

ব্ৰিটেইনৰ চোৰাংচোৱা সংস্থা এমআই-৫ৰ বিস্ফোৰক প্ৰতিবেদনে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ভাৰততো।

ৰাষ্ট্ৰখনৰ এগৰাকী সাংসদক লৈ চোৰাংচোৱা সংস্থাটোৱে প্ৰকাশ কৰা তথ্যৰ পিছত ভাৰতত সৃষ্টি হৈছে এই প্ৰতিক্ৰিয়াৰ।

দৰাচলতে ব্ৰিটেইনৰ এইগৰাকী সাংসদক ২০২০ৰ জানুৱাৰীতে পদ্মশ্ৰী সন্মান প্ৰদানৰ ঘোষণা কৰিছিল ভাৰত চৰকাৰে। অৱশ্যে কোভিড পৰিস্থিতিৰ বাবে তেওঁ এতিয়াও এই সন্মান গ্ৰহণ কৰিবলৈ ভাৰতলৈ অহা নাই।

FJDPm-Tm-Xs-AAak5-G

উল্লেখ্য যে, চোৰাংচোৱা সংস্থা এমআই-৫য়ে ব্ৰিটেইনৰ লেবাৰ পাৰ্টিৰ সাংসদ বেৰী গাৰ্ডিনাৰক চীনা এজেণ্ট বুলি দাবী কৰিছে। চোৰাংচোৱা সংস্থাটোৰ মতে, বেৰী গাৰ্ডিনাৰে ব্ৰিটেইনৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াত ব্যাঘাত জন্মাবলৈ চীনৰ পৰা ধন লৈ আহিছে। চীনৰ ক্ৰিষ্টিন চিং কুই লিৰ এখন আইনী প্ৰতিষ্ঠানৰ দ্বাৰা বেৰী গাৰ্ডিনৰক ধন প্ৰদান কৰা হৈছিল।

চোৰাংচোৱা সংস্থাটোৰ মতে, ক্ৰিষ্টিনৰ ফাৰ্মৰ লণ্ডন আৰু বাৰ্মিংহামতো কাৰ্যালয় আছে। তেওঁৰ প্ৰতিষ্ঠানটোৱে লণ্ডনত থকা চীনা দূতাবাসৰ আইনী পৰামৰ্শদাতা হিচাপেও কাম কৰে। কেৱল সেয়াই নহয়, বেৰী গাৰ্ডিনাৰে ক্ৰিষ্টিনৰ পুত্ৰ ডেনিয়েল ভিলকিছকো তেওঁৰ কাৰ্যালয়ত নিযুক্তি দিছিল। অৱশ্যে, এমআই-৫ৰ উন্মোচনৰ পিছত বৃহস্পতিবাৰে ডেনিয়েলে পদত্যাগ কৰে।

FJJei-Wl-Xs-AAa-j3

এমআই-৫য়ে প্ৰকাশ কৰা তথ্যানুসৰি, ক্ৰিষ্টিন প্ৰকৃততে এগৰাকী চীনা গুপ্তচৰ। তেওঁ ব্ৰিটেইনত চীনৰ শাসনাধিষ্ঠ কমিউনিষ্ট পাৰ্টিৰ ইউনাইটেড ফ্ৰণ্ট ৱৰ্ক ডিপাৰ্টমেণ্টৰ বাবে কাম কৰে। ইউএফডব্লিউডিৰ নিৰ্দেশতে তেওঁ ব্ৰিটেইনত ৰাজনৈতিক হস্তক্ষেপ আৰু অস্থিৰতা সৃষ্টি কৰিবলৈ কাম কৰে। চীনৰ স্বাৰ্থত নীতি আৰু সিদ্ধান্ত প্ৰভাৱিত কৰিবলৈ চেষ্টা কৰে।

এমআই-৫ৰ মতে, ব্ৰিটেইনত গণতান্ত্ৰিক অস্থিৰতা সৃষ্টি কৰিবলৈ চীনৰ পৰা ধন লোৱা বেৰী গাৰ্ডিনাৰেই একমাত্ৰ সাংসদ নহয়, ক্ৰিষ্টিনে তেওঁৰ আইনী প্ৰতিষ্ঠানৰ জৰিয়তে আন দল আৰু তেওঁলোকৰ আইন প্ৰণেতাসকলকো পুঁজি প্ৰদান কৰি আহিছে। চোৰাংচোৱা সংস্থাটোৱে সকলো পক্ষ আৰু আইন প্ৰণেতাসকলক এই উন্মোচনত চীনা হস্তক্ষেপৰ বিষয়ে সতৰ্ক কৰি দিছে।

আনহাতে, বেৰী গাৰ্ডিনাৰৰ ব্ৰিটেইনৰ ভাৰতীয় সম্প্ৰদায়ৰ মাজত যথেষ্ট প্ৰভাৱ আছে। তেওঁ ভাৰতবংশী সম্প্ৰদায়ৰ মাজতো জনপ্ৰিয়। ইফালে তেওঁ সাংসদ হিচাপে নিৰ্বাচিত হোৱা ব্ৰেণ্ট নৰ্থ সমষ্টিত প্ৰৱাসী ভাৰতীয়ৰ সংখ্যা যথেষ্ট বেছি। গাৰ্ডিনাৰে এতিয়ালৈকে ভাৰতীয়সকলৰ মাজত কৰা কাম আৰু ইয়াৰ পৰা তেওঁ লাভ কৰা জনপ্ৰিয়তাৰ ওপৰত আধাৰিত কৰি তেওঁক পদ্মশ্ৰী সন্মানৰ ঘোষণা কৰিছিল ভাৰত চৰকাৰে।

কিন্তু চোৰাংচোৱা সংস্থা এমআই-৫য়ে প্ৰকাশ কৰা তথ্যৰ পিছতে ব্ৰিটেইনত থকা প্ৰৱাসী ভাৰতীয়সকলৰ মাজত উদ্বেগ বৃদ্ধি পাইছে। ব্ৰিটেইনৰ প্ৰৱাসী ভাৰতীয় সম্প্ৰদায়ৰ নেতা হৰেন্দ্ৰ জোধাই কয়, ‘বেৰী গাৰ্ডিনাৰে এই সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰা উচিত। তেওঁ সকলো তথ্য সন্মুখত ৰাখি এই কথা স্পষ্ট কৰিব লাগে যে তেওঁ চীনৰ স্বাৰ্থ পূৰণৰ বাবে ভাৰতক কেনেভাৱে প্ৰভাৱিত কৰিছে নেকি?’

উল্লেখ্য যে, ব্ৰিটেইনত থকা ভাৰতীয় বংশোদ্ভূতসকলৰ বাবে কৰা কাম আৰু বিশেষকৈ গুজৰাটী সম্প্ৰদায়ৰ বাবে কৰা কামৰ বাবে সাংসদ বেৰী গাৰ্ডিনাৰক পদ্মশ্ৰী সন্মানৰ বাবে মনোনীত কৰিছিল ভাৰত চৰকাৰে। কিন্তু তেওঁৰ বিৰুদ্ধে উত্থাপিত চীনা এজেণ্ট হোৱাৰ অভিযোগে এতিয়া ভাৰত চৰকাৰকো চিন্তাত পেলাইছে।

Leave a Comment