চিৰ বিদায় ‘নাইটিংগল’ লতা মংগেশকাৰ, দুদিনৰ বাবে ৰাষ্ট্ৰীয় শোক ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ…

খহি পৰিল সংগীত জগতৰ এক উজ্জল নক্ষত্ৰ।

ভাৰতৰত্ন লতা মংগেশকাৰ আৰু নাই।

মুম্বাইৰ ব্ৰীচ কেণ্ডি হাস্পতালত ৯২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে কোকিলকণ্ঠীগৰাকীয়ে।

২৯ দিন ধৰি চিকিত্সাধীন হৈ আছিল কোকিলকণ্ঠী লতা মংগেশকাৰ।

লতা মংগেশকাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

১৯২৯ খ্ৰীষ্টাব্দৰ ২৮ ছেপ্টেম্বৰত, ইন্দোৰ চহৰত জন্মগ্ৰহণ কৰিছিল লতা দিদিয়ে। পৰিয়ালৰ জ্যেষ্ঠ কন্যা আছিল লতা দিদি।

৩০ টাৰো অধিক ভাষাত কণ্ঠ নিগৰাইছে তেখেতে।

এক হাজাৰৰো অধিক ভাৰতীয় ছবিত গান গাইছে লতা মংগেছকাৰে।

সৰ্বপ্ৰথমে ১৯৪৭ চনত আপকী সেৱা নামৰ এখন ছবিত নিজৰ মধুৰ কণ্ঠ নিগৰাইছিল।

১৯৬৯ত লাভ কৰিছিল পদ্মভূষণ, সৰ্বাধিক গীতত কণ্ঠ নিগৰাই বিশ্ব ৰেকৰ্ডো গঢ়িছিল তেখেতে।

১৯৮৯ চনত দাদ চাহেব ফাল্কে বঁটাৰে সন্মানিত হৈছিল দিদি।

১৯৯৯ ত পদ্মবিভূষণ সন্মানো লাভ কৰিছিল।

২০০১ চনত ভাৰতৰ সৰ্বোচ্চ সন্মান ভৰত ৰত্ন লাভৰ লগতে লাইফ টাইম এচিভাৰ সন্মানো লাভ কৰিছিল দিদিয়ে।

লতা মংগেশকাৰৰ মৃত্যুত দুটা দিনৰ বাবে ৰাষ্ট্ৰীয় শোক ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে।

ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষ কৃত্য সম্পন্ন কৰা হব লতা মংগেশকাৰৰ।

Leave a Comment