নিউজ ডেস্ক। ৰাজ্যত কাঠফুলাৰ দৰে গঢ়ি উঠা একাংশ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত চিকিৎসকৰ গাফিলতিত ৰােগীৰ মৃত্যুৰ ঘটনা অব্যাহত আছে।
এইবাৰ নলবাৰীৰ সাৰথি নামৰ ব্যক্তিগত হাস্পতালত এগৰাকী কলেজীয়া ছাত্ৰীৰ অকাল মৃত্যুৰ ঘটনাক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।
মৃত ছাত্ৰীগৰাকী নলবাৰীৰ বগুৰিহাটী নিবাসী বাপন বৈশ্য আৰু নমিতা বৈশ্যৰ একমাত্ৰ ছােৱালী দৰদী বৈশ্য ওৰফে দলিচা (বয়স ১৭)।

পৰিয়ালৰ লােকে অভিযােগ কৰা অনুসৰি, হাস্পতালত চিকিৎসকৰ গাফিলতিৰ বাবেই এনেদৰে অকাল মৃত্যুক আঁকােৱালি ল’বলগীয়া হয় ছাত্ৰীগৰকীয়ে।
জানিব পৰা মতে, বৃহস্পতিবাৰে কিশোৰীগৰাকীক হৃদযন্ত্ৰত চিষ্টৰ সমস্যাৰ বাবে হাস্পাতালত ভৰ্তি কৰোৱা হৈছিল। দীৰ্ঘসময় ধৰি চলা অস্ত্ৰোপচাৰৰ পাছতে সংজ্ঞাহীন হৈ পৰে দৰদী। দুবাৰকৈ এনাস্থেচিয়া দিয়াৰ বাবে পাৰ্শ্বক্রিয়াত ছাত্ৰীগৰাকীৰ মৃত্যু হোৱাৰ অভিযোগ পৰিয়াল তথা আত্মীয়ৰ।

ছাত্ৰীগৰাকী সংজ্ঞাহীন হোৱাৰ পিছত গুৱাহাটীলৈ প্রেৰণ কৰা হয় যদিও ছাত্ৰীগৰাকীৰ মৃত্যু ঘটে।
এই ঘটনাৰ পাছতে নলবাৰীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। নলবাৰী সাৰথি হাস্পতালত প্ৰতিবাদ সাব্যস্ত কৰে একাংশ লােকে। ইয়াৰ পিছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।
হাস্পতাল কৰ্তৃপক্ষক ইয়াৰ বাবে জবাবদিহি কৰে উত্তেজিত লােকে, লগতে এই ক্ষেত্ৰত উচিত তদন্ত কৰিবলৈও দাবী জনায়।
জানিব পৰা মতে, দৰদী বৈশ্য নলবাৰীৰ নিউজক্লিয়াছ একাডেমীত উচ্চতৰ মাধ্যমিকৰ কলা শাখাৰ ছাত্ৰী আছিল।