fbpx
অসমীয়াৰাষ্ট্ৰীয়

চাৰ্টৰ তলত লুকুৱাই সোণ সৰবৰাহৰ চেষ্টা! বিমান বন্দৰত গ্ৰেপ্তাৰ এয়াৰ ইণ্ডিয়াৰ বিমান কৰ্মী…

নিউজ ডেস্কঃ চাৰ্টৰ ভিতৰত লুকুৱাই প্ৰায় ডেৰ কিলোগ্ৰাম সোণ সৰবৰাহৰ সময়তে বিমান বন্দৰত ধৰা পৰিল এয়াৰ ইণ্ডিয়াৰ এজন কেবিন ক্ৰু।

শুল্ক প্ৰতিৰোধে আয়ুক্ত বিভাগে গোপন খবৰৰ ভিত্তিত বিমান বন্দৰত তালাচী চলাই বিমান কৰ্মীজনৰ পৰা জব্দ কৰে ১৪৮৭ গ্ৰাম সোণ।

ইতিমধ্যে শুল্ক বিভাগে গ্ৰেপ্তাৰ কৰিছে কেৰালাৰ ৱায়ানাডৰ নিৱাসী শ্বাফি নামৰ এয়াৰ ইণ্ডিয়াৰ কেবিন ক্ৰু জনক।

বিভাগটোৱে জনোৱা মতে, বাহৰেইন-কোজিকোড-কোচি সেৱাৰ কেবিন ক্ৰু জনে সোণ সৰবৰাহৰ গোপন তথ্য লাভ কৰাৰ পিছতে তালাচী চলোৱা হয়।

বিমান কৰ্মীজনে সোণখিনি চাৰ্টৰ হাতৰ তলত লুকুৱাই আনিছিল। অভিযুক্তজনক বৰ্তমান জেৰা চলাই থকা হৈছে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!