নাগালেণ্ডঅসমীয়া

চােৰাং সোণ জব্দ কৰি আত্মসাৎ, নিলম্বিত হ’ল ১৩ আৰক্ষী বিষয়া-জােৱান!

নিউজ ডেস্ক। চোৰাং ব্যৱসায়ীৰ পৰা ১০ টা সোণৰ বিস্কুট জব্দ কৰি আত্মসাৎ কৰাৰ অভিযোগত নাগালেণ্ড আৰক্ষীৰ নাৰ্কটিক চেলৰ ১৩ বিষয়া-জােৱানক নিলম্বন।

তেওঁলোকক নিলম্বন কৰে নাগালেণ্ড আৰক্ষীৰ উৰ্ধতন কৰ্তৃপক্ষই।

নিলম্বন হোৱা কৰ্মী কেইজনে সোণ আত্মসাৎৰ অভিসন্ধি কৰি এই বিষয়ে একো নজনোৱাকৈ অন্ধকাৰত ৰাখিছিল উৰ্দ্ধতন কৰ্তৃপক্ষক।

এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা অনুসৰি, তেওঁলোকৰ বিৰুদ্ধে এটা অপৰাধমূলক গোচৰ ৰুজু কৰা হৈছিল আৰু তদন্তৰ নিৰ্দেশ দিয়া হৈছিল।

জানিব পৰা মতে, ঘটনাটো এই বছৰৰ ছেপ্টেম্বৰত সংঘটিত হৈছিল। কিন্তু আৰক্ষীৰ পদক্ষেপ এতিয়াহে পোহৰলৈ আহিছে।

১০ ছেপ্টেম্বৰত কহিমা জিলাৰ খুজামাত আন্তঃৰাজ্যিক চেক গেটত নিয়ন্ত্ৰণ কৰি থকা নাৰ্কটিক চেলৰ কমেও ১৩ জন কৰ্মীয়ে ১০ টা সোণৰ বিস্কুট জব্দ কৰা বুলি জানিব পৰা যায়।

আৰক্ষী মুখ্য কাৰ্যালয়ৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক (অপৰাধ) মনোজ কুমাৰে সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি কয়, তথ্য প্ৰাপ্ত হোৱাৰ পিছত ১৭ ছেপ্টেম্বৰত কহিমাৰ আৰক্ষী মুখ্য কাৰ্যালয়ৰ ৰাজ্যিক অপৰাধ আৰক্ষী থানাত ১৩ জন বিষয়া-জাlৱানৰ বিৰুদ্ধে এটা অপৰাধমূলক গোচৰ ৰুজু কৰা হৈছিল।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button