
নিউজ ডেস্কঃ গুৱাহাটীৰ নিকটৱৰ্তী সোণাপুৰত চাঞ্চল্যকৰ ঘটনা।
চোৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত এগৰাকী আৰক্ষী বিষয়া।
চোৰৰ দাৰ ঘাপত আহত হয় আৰক্ষী উপপৰিদৰ্শক পৱন বৰ্মন।
সোণাপুৰ আৰক্ষী থানাৰ এএছআই গৰাকী চোৰৰ বিৰুদ্ধে অভিযান চলোৱাৰ সময়তে ডিগাৰুৰ জাৰিকুছি গাঁৱত সংঘটিত হয় এই আক্ৰমণৰ ঘটনা।
জানিব পৰা মতে, এএছআই পৱন বৰ্মনৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ষ্ট্ৰীট লাইট চুৰি ঘটনাৰ অনুসন্ধান চলাবলৈ গৈছিল।
সেই সময়তে এটা চোৰে দাৰে আক্ৰমণ কৰে আৰক্ষী বিষয়াগৰাকীৰ ওপৰত।
চোৰৰ আক্ৰমণত আহত আৰক্ষী বিষয়াগৰাকীক লগে লগে ভৰ্তি কৰা হয় চিকিৎসালয়ত।
ইফালে আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে বৈকুণ্ঠ দাস নামৰ অভিযুক্ত চোৰটোক।