চাঞ্চল্যকৰ! গোচৰৰ পৰা নাম কাটি দিয়াৰ বাবে আৰক্ষীৰ নামত ধনদাবী, গ্ৰেপ্তাৰ কুখ্যাত বালি মাফিয়া ছাইদুল…

নিউজ ডেস্কঃ হোজাইত আৰক্ষীৰ নামত ধনদাবী কৰি গ্ৰেপ্তাৰ কুখ্যাত বালি মাফিয়া।

গোচৰৰ পৰা নাম কাটি দিয়াৰ বাবে আৰক্ষীৰ নামত ধন দাবী কৰিছিল ধৃত বালি মাফিয়াটোৱে।

ধৃত বালি মাফিয়াটোৰ নাম ছাইদুল আলম ওৰফে ছাইদুল ইছলাম।

ইফালে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিককো অভব্য আচৰণ কুখ্যাত বালি মাফিয়াটোৰ।

বাতৰি পৰিৱেশন কৰিলে লংকাকাণ্ড কৰাৰ ভাবুকি সাংবাদিকক।

সামাজিক মধ্যমতো সাংবাদিক অশালীন ভাষাৰে ভাবুকি বালি মাফিয়া ছাইদুলৰ।

কিন্তু আৰক্ষী জিম্মাৰ পৰা কিদৰে বালি মাফিয়াটোৱে এনেদৰে ভাবুকি দিব পাৰে, তাক লৈও সৃষ্টি হৈছে প্ৰশ্নৰ।

ঘটনাৰ তৎকালীন তদন্তৰ নিৰ্দেশ হোজাই আৰক্ষী অধীক্ষকৰ।