
নিউজ ডেস্কঃ ঘৰত বিদ্যুতৰ মিটাৰ ৰিডিং কৰিবলৈ আহি অকলশৰীয়া মহিলাক যৌন নিৰ্যাতন চলোৱাৰ চেষ্টা কৰি গ্ৰেপ্তাৰ হ’ল বিদুৎ বিভাগৰ এজন ঠিকাভিত্তিক কৰ্মচাৰী।
এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে মহানগৰীৰ বশিষ্ঠত।
অভিযোগ অনুসৰি, দেওবাৰে বশিষ্ঠত এগৰাকী মহিলাৰ ঘৰলৈ বিদ্যুতৰ মিটাৰ ৰিডিং কৰিবলৈ আহিছিল বিপুল দাস নামৰ বিদ্যুৎ বিভাগৰ এজন ঠিকাভিত্তিক কৰ্মচাৰীয়ে।

সেই সময়ত ঘৰত অকলে থকা মহিলা এগৰাকীক লম্পট বিপুল দাসে যৌন নিৰ্যাতনৰ চেষ্টা চলায়। কিন্তু মহিলাগৰাকীয়ে চিঞৰ বাখৰ কৰাত ঘটনাস্থলীত স্থানীয় লোক উপস্থিত হৈ লম্পট লোকজনক কৰায়ত্ব কৰি উত্তম মাধ্যম শোধায়।
পিছত লোকজনক আৰক্ষীৰ হাতত চমজাই দিয়ে ৰাইজে। ইফালে, বিপুল দাসৰ বিৰুদ্ধে বশিষ্ঠ থানাত ভাৰতীয় দণ্ডবিধিৰ ৪৪৮/৩৫৪ (বি)/৫০৯ ধাৰাত গোচৰ ৰুজু কৰা হৈছে।