
নিউজ ডেস্কঃ চলন্ত ৰে’লত উঠিবলৈ চেষ্টা কৰাৰ সময়তে পিচলি পৰা এজন ব্যক্তিৰ জীৱন ৰক্ষা কৰিলে এগৰাকী ৰে’লৱে সুৰক্ষা বাহিনীৰ জোৱানে।
বিহাৰৰ পুৰ্ণিয়া জিলাত সংঘটিত এই ঘটনাৰ এটা ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।
তৎপৰতা দেখুৱাই আৰপিএফ জোৱানজনে ব্যক্তিজনৰ জীৱন ৰক্ষা কৰাত তেওঁক ধন্যবাদ আৰু প্ৰশংসাৰে উপচাই পেলাইছে সকলোৱে।
টুইটাৰত ৰে’ল মন্ত্ৰণালয়ৰ অফিচিয়েল হেণ্ডেলৰ পৰা ভিডিঅ’টো শ্বেয়াৰ কৰা হয়।
ভিডিঅ’টোত দেখিবলৈ পোৱা মতে- এজন আদহীয়া ব্যক্তিয়ে প্লেটফৰ্মত চলন্ত ৰে’লত উঠিবলৈ লওতেই ভৰি প্লেটফৰ্ম আৰু ৰে’লৰ মাজৰ ফাঁকত সোমাই পৰে।
কিন্তু সেই সময়তে ৰে’লৱে সুৰক্ষা বাহিনীৰ জোৱানজন তাৎক্ষণিকভাৱে উপস্থিত হৈ ব্যক্তিজনক ৰে’লৰ তলত পিষ্ট হোৱাৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম হয়।
এই ভিডিঅ’টো শ্বেয়াৰ কৰি ৰে’ল মন্ত্ৰণালয়ে চলন্ত ৰে’লৰ পৰা উঠা-নমা নকৰিবলৈ যাত্ৰীসকলক আহ্বান জনায়।
बिहार के पूर्णिया में सतर्क आरपीएफ जवान ने चलती ट्रेन में चढ़ने के दौरान हादसे का शिकार हुए यात्री को बचाया। कृपया चलती ट्रेन में चढ़ने/उतरने का प्रयास ना करें। pic.twitter.com/2OWWQRqNae
— Ministry of Railways (@RailMinIndia) January 4, 2023