ঘৰৰ ভিতৰত প্ৰৱেশ কৰি বিজেপি নেতা-পত্নীক গুলীয়াই হত্যা সন্ত্ৰাসবাদীৰ

নিউজ ডেস্ক। দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাৰ লাল চক অঞ্চলত সংঘটিত হয় এক ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা। য’ত এজন ব্যক্তিৰ ঘৰত সন্ত্ৰাসবাদী প্ৰৱেশ কৰি সংঘটিত কৰে এই আক্ৰমণৰ ঘটনা।

সোমবাৰে সংঘটিত এই আক্ৰমণত সন্ত্ৰাসবাদীয়ে এজন বিজেপি নেতা আৰু তেওঁৰ পত্নীক গুলীয়াই হত্যা কৰে।

তেওঁলোক দুয়োকে সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসালয়ত মৃত্যুবৰণ কৰে।

আক্ৰমণত নিহত হোৱা বিজেপি নেতা জনক গোলাম ৰছুল ডাৰ বুলি জানিব পৰা যায়। তেওঁ কুলগাম বিজেপি কিষাণ মৰ্চাৰ সভাপতি আছিল।

খবৰ অনুসৰি, সন্ত্ৰাসবাদীয়ে সোমবাৰে কুলগাম কিষাণ মৰ্চাৰ বিজেপি নেতা গোলাম ৰছুল ডাৰৰ ভাড়াঘৰত প্ৰৱেশ কৰে আৰু নিৰ্বিচাৰ গুলীচালনা কৰে।

বিজেপি নেতা ডাৰ আৰু তেওঁৰ পত্নী জাভাহিৰা দুয়ো এই আক্ৰমণত গুৰুতৰভাৱে আহত হয়। দুয়োকে অনন্তনাগৰ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। কিন্তু পৰৱৰ্তী সময়ত দুয়োকে চিকিৎসকে মৃত ঘোষণা কৰে।

সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত খবৰ জানিব পাৰি আৰক্ষীয়ে নিৰাপত্তাৰক্ষীৰ সৈতে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰে। ঘটনাৰ পিছতেই নিৰাপত্তাৰক্ষীয়ে অঞ্চলটোত এক তীব্ৰ অনুসন্ধান অভিযান আৰম্ভ কৰে।

উল্লেখ্য যে এই সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ নিন্দা কৰিছে জম্মু কাশ্মীৰৰ উপ ৰাজ্যপাল, জম্মু কাশ্মীৰ বিজেপি আৰু স্থানীয় লোকে।

Leave a Comment