পুনৰ মূলসুঁতিলৈ উভতিল NLFBৰ আৰু ২১জন কেডাৰ…

পুনৰ মূলসুঁতিলৈ উভতিল NLFBৰ আৰু ২১জন কেডাৰ।

প্লাটুন কমাণ্ডাৰ বি জাংক্ৰিখাঙৰ নেতৃত্বত অৰণ্যৰ পৰা ওলাই আহিল কেডাৰ সকল।

কোকৰাঝাৰৰ টিপকাই বনাঞ্চলৰ সমীপত আটাইকে আদৰিলে এম বাথাই।

বহু অত্যাধুনিক মাৰণাস্ত্ৰসহ উভতি আহিব তৃতীয়টো দল।

উল্লেখ্য যে, এম বাথাৰ নেতৃত্বত বিগত ২২ জুলাইত ওদালগুৰি জিলাৰ ভাৰত-অৰুণাচল সীমান্তত ২৩জনীয়া আৰু ৮ আগষ্টত ভাৰত-ভূটান সীমান্ত ঝাৰবাৰীৰ ঘন জংঘলৰপৰা ৩২জন কেডাৰ মূল সুঁতিলৈ আহিছিল।

প্ৰথমে ২৩জন, দ্বিতীয়ত ৩২জন ওলাই অহাৰ পাছত আজি ২১জন অৰ্থাৎ মুঠ ৭৬জন কেডাৰ ইতিমধ্যে চৰকাৰৰ সৈতে শান্তি আলোচনা বাবে ওলাই আহিছে।

আনহাতে বাকী কেডাৰ স্বাধীনতা দিৱসৰ পূৰ্বে ওদালগুৰি আৰু শোণিতপুৰত মুকলি আকাশৰ তলত সকলোৱে উলাই আহিব বুলি প্ৰকাশ কৰিছে সশস্ত্ৰ সংগঠনৰ উপাধ্যক্ষ বি বোকো আৰু শান্তি আলোচনা মধ্যস্থতাকাৰী পৃথিৱীৰাজ নাৰায়ণ দেৱ মেচ-এ।

Leave a Comment