fbpx
অসম

ঘোষকৰ গালত প্ৰচণ্ড চৰ! অস্কাৰৰ পৰা ১০ বছৰৰ বাবে নিষিদ্ধ অভিনেতা উইল স্মিথক…

৯৪ সংখ্যক একাডেমী এৱাৰ্ডত সংঘটিত হৈছিল সেই অঘটন। ২৮ মাৰ্চত অনুষ্ঠিত অস্কাৰ অনুষ্ঠানত পত্নীৰ ওপৰত কৰা এটা ৰগৰত ক্ষোভিত হৈ অনুষ্ঠানৰ ঘোষক ক্ৰিজ ৰকৰ গালত এটা প্ৰচণ্ড চৰ শোধাইছিল হলিউডৰ অস্কাৰজয়ী অভিনেতা উইল স্মিথে।

অস্কাৰৰ দৰে বিশ্বৰ সৰ্ববৃহৎ চলচ্চিত্ৰ বঁটাৰ অনুষ্ঠানত সংঘটিত এনে অপ্ৰীতিকৰ পৰিস্থিতিয়ে বিশ্বজুৰি চৰ্চা লাভ কৰিছিল। বঁটা প্ৰদানৰ নিশা উইল স্মিথে জনপ্ৰিয় কমেডিয়ান তথা ঘোষক ক্ৰিজ ৰকৰ গালত শোধোৱা চৰটোক লৈ সৃষ্টি হৈছিল মিশ্ৰিত প্ৰতিক্ৰিয়াৰ।

অৱশ্যে এই ঘটনাৰ পিছত উইল স্মিথে ৰাজহুৱাভাৱে ক্ষমা বিচাৰে যদিও শেহতীয়াকৈ তেওঁক লৈ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে অকাডেমী অৱ মোশ্যন পিকছাৰ আৰ্টছ এণ্ড চায়েন্সৰ বিশেষ ব’ৰ্ডে।

অস্কাৰ কৰ্তৃপক্ষই উইল স্মিথৰ আচৰণৰ বাবে তেওঁক ১০ বছৰৰ বাবে অস্কাৰ অনুষ্ঠানৰ পৰা নিষিদ্ধ কৰে। উল্লেখ্য যে, ২০২২ বৰ্ষত শ্ৰেষ্ঠ অভিনেতাৰ শিতানত অস্কাৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে হলীউডৰ অভিনেতা উইল স্মিথে।

এই বঁটাপ্ৰদান অনুষ্ঠানত তেওঁৰ পত্নী জাডা পিনকেট স্মিথে ভূগি থকা বেমাৰক লৈ কৌতুক কৰিছিল ঘোষক কমেডিয়ান ক্ৰিজ ৰকে। তাৰ পিছতে মঞ্চলৈ উঠি গৈ উইল স্মিথে ক্ৰিজৰ গালত শোধাইছিল এটা প্ৰচণ্ড চৰ।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!