গৰুখুঁটিৰ গুলীচালনাৰ ঘটনাৰ ন্যায়িক তদন্তৰ ঘোষণা মুখ্যমন্ত্ৰীৰ…

ছিপাঝাৰ ধলপুৰত প্ৰশাসনৰ উচ্ছেদ অভিযানত সংঘটিত হয় উত্তপ্ত পৰিস্থিতিৰ।

বৃহস্পতিবাৰে ছিপাঝাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ধলপুৰ বজাৰ এৰিয়া, পশ্চিম চুবা, ১ নং ধলপুৰ আৰু ৩ নং ধলপুৰত পৃথকে পৃথকে চলাইছে উচ্ছেদ অভিযান।

কিন্তু ১ নং ধলপুৰ আৰু ৩ নং ধলপুৰত উচ্ছেদৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে একাংশ লোকে।

হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে পৰিস্থিতি জটিল কৰি তুলে।

আনকি অভিযোগ অনুসৰি, একাংশই হাতে হাতে লাঠি লৈ আৰক্ষীলৈ চোঁচা লৈছে। ফলত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে শূন্যলৈ গুলী চলাবলগীয়া হয়।

যাৰ ফলত আৰক্ষীৰ গুলীত নিহত দুজন প্ৰতিবাদকাৰী।

আনহাতে আহত হৈছে এগৰাকী মহিলা কনিষ্ঠৱলসহ ৮ গৰাকী আৰক্ষী।

এই ঘটনাৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰিছে একাংশই।

অসম আৰক্ষীয়ে বৰ্বৰ ভাৱে আক্ৰমণ কৰি নিৰিহ লোকক হত্যা কৰাৰো অভিযোগ তুলিছে একাংশই।

ইয়াৰ পিছতে এই ঘটনাক লৈ ন্যায়িক তদন্ত ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

শান্তি বিঘ্নিত কৰা লোকক চিনাক্ত কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।

মুখ্যমন্ত্ৰীয়ে কয়- পৰিকল্পিতভাৱে চলিছিল আৰক্ষীৰ ওপৰত আক্ৰমণ। গৰুখুঁটি কৃষি প্ৰকল্প স্থবিৰ কৰিব নোৱাৰিব।’

Leave a Comment