
নিউজ ডেস্কঃ আগৰ চৰকাৰৰ দিনত শুনা নীতি এইখন চৰকাৰত নাই। – গোৱালপাৰাত অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ সন্দৰ্ভত এই প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
এইখন চৰকাৰত উল্টা উল্টা নীতি আছে বুলি মন্তব্য কৰি অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ চলিবই বুলি স্পষ্ট কৰি দিলে মুখ্যমন্ত্ৰীয়ে।
অবৈধভাৱে ভূমি দখল কৰি ৰবৰ খেতি কৰাটো বিল্পৱ নহয়, প্ৰতি বিপ্লৱ বুলিহে মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে যদি সঁচাই বিপ্লৱ গঢ়িব বিচাৰে তেন্তে ঘৰে ঘৰে শাল, চেগুণ ৰোৱক।
মহাজনক সুৰক্ষা দিয়াটো এইখন চৰকাৰৰ কাম নহয় বুলি মন্তব্য কৰি এনে অবৈধ দখলকাৰীৰ বিৰুদ্ধে আইন অনুযায়ী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।