
নিউজ ডেস্ক। জনপ্ৰিয় কণ্ঠশিল্পী চন্দন দাস আৰু ডিম্পী সোনোৱালৰ বিৰুদ্ধে এজাহাৰ সদৌ অসম সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ।
জনপ্ৰিয় কণ্ঠশিল্পী তথা শিল্পী দম্পত্তি চন্দন দাস আৰু ডিম্পী সোনোৱালৰ বিৰূদ্ধে সোনোৱাল কছাৰী সকলৰ সংস্কৃতি বিকৃত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।
এই লৈ সোমবাৰে ডিব্ৰুগড়ৰ মৰাণ আৰক্ষী থানাত দম্পত্তি হালৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰা হৈছে।

সোনোৱাল কছাৰী ছাত্ৰ সংগঠনটোৱে অভিযোগ কৰা মতে শিল্পী দুগৰাকীয়ে তেওঁলোকৰ পৰম্পৰাগত হাইদাং বিহুক ৰাইজৰ আগত বিকৃত ৰূপত উপস্থাপন কৰিছে।
ৰক্ সংগীতৰ সৈতে সংযোজন কৰি নিজা শৈলীৰে তেওঁলোকে এই পৰম্পৰাগত লোক সংগীত পৰিৱেশন কৰি নিজা নিজা ফেচবুক পেজ যোগে প্ৰচাৰ কৰিছিল।
সংগঠনটোৱে তেওঁলোকৰ দৰে জনপ্ৰিয় শিল্পীৰ এনে কৰ্ম গৰিহণাযোগ্য বুলি অভিহিত কৰে আৰু মৰান আৰক্ষী থানাত উপস্থিত হৈ তেওঁলোকৰ বিৰূদ্ধে এখন এজাহাৰ দাখিল কৰে।
সদৌ অসম সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ বিষয়ববীয়াই সংবাদ মাধ্যমক জনোৱা মতে কেইবাদিন ধৰি শিল্পী দুগৰাকীক এই কৰ্মৰ বাবে জনজাতিটোৰ লোক সকলৰ আগত ক্ষমা বিচাৰিবলৈ অনুৰোধ কৰা হৈছিল যদিও তেওঁলোকে এতিয়ালৈকে কোনো কানসাৰ দিয়া নাই।
লগতে তেওঁলোকে ৪৮ ঘণ্টাৰ সময়সীমা বান্ধি দি কয় যে নিৰ্ধাৰিত সময়ৰ ভিতৰত যদি তেওঁলোকে ৰাজহুৱাকৈ ক্ষমা নোখোজে তেনেহলে শিল্পী দুগৰাকীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈও তেওঁলোকে কুণ্ঠাবোধ নকৰিব।
লগতে চাওকঃ
এইবাৰ একেলগে যুটি বান্ধিছে হিৰো আলম আৰু ভুৱন বাদ্যকাৰে! শীঘ্ৰে মুক্তি পাব নতুন গীত
